ডিফু, 4 আগষ্ট : বিবাদমান ৰাম জন্মভূমিত বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ মহামান্য উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়দান কৰাৰ পিছত 5 আগষ্টত উক্ত স্থানত ৰাম মন্দিৰৰ শিলান্যাস কৰা হ'ব ৷ এইলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু গণ্য মান্য ব্যক্তিৰ উপস্থিতিত ৰাম মন্দিৰৰ ঐতিহাসিক শুভ শিলান্যাস কৰিব ৷
![ৰাম মন্দিৰ ভূমি পূজনৰ বাবে কাৰ্বি আংলং জিলা প্ৰশাসনৰ শান্তি সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asdiphu04082020kadcorganiseapeacmeatonrammandirfoundationstonelaidprogramme_04082020182510_0408f_1596545710_362.jpg)
সমগ্ৰ দেশত বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ সমান্তৰালকৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙতো সতৰ্কতাৰ বাবে আজি ডিফু আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ উদ্যোগত এক শান্তি সভা অনুষ্ঠিত কৰা হয় ৷ কোভিডৰ সম্পূৰ্ণ গাইডলাইন অনুসৰি অনুষ্ঠিত কৰা সভাখনত সীমিত সংখ্যক দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে ৷ বিজেপি,কংগ্ৰেছ,চিপিআই(এম এল),হিলছ পাৰ্টী,এনএছইউ আই,আৰএছএছ,ডিফু মছজিদ কমিটী আৰু এবিভিপিৰ প্ৰতিনিধিসকলে পাহাৰীয়া জিলাখনত এনেধৰণৰ বিষয়সমূহকলৈ কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ নজিৰ নাই বুলি মন্তব্য কৰে ৷
![ৰাম মন্দিৰ ভূমি পূজনৰ বাবে কাৰ্বি আংলং জিলা প্ৰশাসনৰ শান্তি সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asdiphu04082020kadcorganiseapeacmeatonrammandirfoundationstonelaidprogramme_04082020182510_0408f_1596545710_97.jpg)
জিলাখনত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ব আৰু সম্প্ৰীতি বজাই ৰাখিব বুলি সকলোৱে মন্তব্য কৰাৰ লগত প্ৰশাসনৰ সৈতে সহযোগিতা আগবঢ়াব বুলি বক্তব্য ৰাখে ৷ নৱনিযুক্ত জিলা উপায়ুক্ত জয়ধ্বজ সিনহা আৰু জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে কাৰ্বি আংলঙত কালিৰ শিলান্যাসৰ সময়ত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহ'ব বুলি আশাবাদী বুলি কয় ৷ ৰাইজক উৰাবাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনায় শীৰ্ষ প্ৰশাসনিক বিষয়া দুগৰাকীয়ে ৷
লগতে পঢ়ক : অসম সন্তানৰ কাৰুকাৰ্যৰে জিলিকিব ৰাম মন্দিৰ