ETV Bharat / state

বোকাজানত ৰে’লৰ চেইন টানি পলায়নৰ চেষ্টা যাত্ৰীৰ - কৰ’ণা

কাৰ্বি আংলঙৰ বোকাজানত ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছৰ পৰা ৰে’লৰ চেইন টানি পলায়নৰ চেষ্টা বহু যাত্ৰীৰ ৷ 17 গৰাকী যাত্ৰীক পলাতক অৱস্থাত কৰায়ত্ব কৰে স্থানীয় ৰাইজে ৷ ঘটনা সন্দৰ্ভত বোকাজান আৰক্ষী আৰু ৰে’লৱে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

passengers-try-to-run-away-by-pulling-train-chain
ৰে’লৰ চেইন টানি পলায়নৰ চেষ্টা যাত্ৰীৰ
author img

By

Published : Jun 6, 2021, 8:08 PM IST

ডিফু, 6 জুন : ক’ভিডৰ ভয়াৱহতাৰ মাজতে কাৰ্বি আংলঙৰ বোকাজানত দেওবাৰে বিহাৰৰ পৰা তিনিচুকীয়া অভিমুখে আহি থকা ৰাজেন্দ্ৰ এক্সপ্ৰেছৰ পৰা একাংশ যাত্ৰীয়ে পলায়ন কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, বহিঃৰাজ্যৰ পৰা ৰাজেন্দ্ৰ এক্সপ্ৰেছত তিনিচুকীয়া অভিমুখে আহি থকা যাত্ৰীসমূহে ৰে’লৰ চেইন টানি পলাবলৈ চেষ্টা কৰে ৷ ৰে’লখনৰ পৰা বহু যাত্ৰী পলায়ন কৰে কৰে যদিও 17 গৰাকী যাত্ৰীক স্থানীয় ৰাইজে তৎপৰতাৰে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

ৰে’লৰ চেইন টানি পলায়নৰ চেষ্টা যাত্ৰীৰ

ইয়াৰ ভিতৰত 6 গৰাকী চিআৰপিএফ (CRPF)ৰ জোৱান বুলি জানিব পৰা গৈছে । উল্লেখ্য যে কৰ’ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ডিমাপুৰত ৰে’ল ৰখাৰ অনুমতি নাছিল, যাৰ বাবে ৰে’লৰ চেইন টানি পলাবলৈ চেষ্টা কৰিছিল বহু যাত্ৰীয়ে । ঘটনা সন্দৰ্ভত ইতিমধ্যে বোকাজান আৰক্ষী আৰু ৰে’লৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : অসমত কংগ্ৰেছ হাৰিল কিয় : অশোক চৱনৰ প্ৰতিবেদনত ওলাল আচল কথা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.