ETV Bharat / state

অসম-নগালেণ্ড সীমান্ত পৰিদর্শন অসম বিধান সভাৰ বিৰোধী দলপতি দেবব্রত শইকীয়াৰ - অঞ্চলত শান্তি সমিতি

কার্বি আংলং জিলা কংগ্রেছৰ শীর্ষ নেতৃবর্গৰ লগতে কার্বি আংলং জিলা প্রশাসনৰ বিষয়াক লগত লৈ পুৱা ১১ টা বজাত সীমান্ত অঞ্চলত উপস্থিত হয় শইকীয়াই । ইয়াৰ বিপৰীতে বনবিভাগৰ কর্মচাৰীয়ে অসমৰ মাটি আৰু ইয়াত নগাই বহু বছৰৰ পৰা বেদখল চলাই অহাৰ চেষ্টা চলাই থকা বুলি স্পষ্টভাৱে শইকীয়াক জানিবলৈ দিয়াত তেওঁ এই ধ্বংসলীলা কাৰ নির্দেশত হােৱা বুলি জিলা প্রশাসনৰ বিষয়াক প্রশ্ন কৰাৰ লগতে এই সন্দৰ্ভত তেওঁক লিখিত প্রতিবেদন দিব লাগিব বুলি জনায় ।

অসম-নগালেণ্ড সীমান্ত পৰিদর্শন অসম বিধান সভাৰ বিৰোধী দলপতি দেবব্রত শইকীয়াৰ

author img

By

Published : Dec 18, 2020, 7:18 PM IST

Updated : Dec 19, 2020, 8:31 AM IST

ডিফু, ১৮ ডিচেম্বৰঃ অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু ৰূপজ্যোতি কুৰ্মীয়ে কার্বি আংলং জিলাৰ অসম নগালেণ্ড সীমান্তৰ দলদলি সংৰক্ষিত বনাঞ্চলত হােৱা অবাধ বেদখল আৰু ধ্বংসলীলা স্থলি শুকুৰবাৰে পৰিদৰ্শন কৰে ৷ কার্বি আংলং জিলা কংগ্রেছৰ শীর্ষ নেতৃবর্গৰ লগতে কার্বি আংলং জিলা প্রশাসনৰ বিষয়াক লগত লৈ পুৱা ১১ টা বজাত সীমান্ত অঞ্চলত উপস্থিত হয় শইকীয়াই । ইয়াৰ বিপৰীতে বনবিভাগৰ কর্মচাৰীয়ে অসমৰ মাটি আৰু ইয়াত নগাই বহু বছৰৰ পৰা বেদখল চলাই অহাৰ চেষ্টা চলাই থকা বুলি স্পষ্টভাবে শইকীয়াক জানিবলৈ দিয়াত তেওঁ এই ধ্বংসলীলা কাৰ নির্দেশত হােৱা বুলি জিলা প্রশাসনৰ বিষয়াক প্রশ্ন কৰাৰ লগতে এই সন্দৰ্ভত তেওঁক লিখিত প্রতিবেদন দিব লাগিব বুলি জনায়।

ইপিনে শইকীয়াই পৰিদর্শন কালত উক্ত অঞ্চলত শান্তি সমিতি গঠন কৰি দুটাকৈ কেম্প নির্মাণ কৰি থকা কার্বি আংলং আৰু নগালেণ্ডৰ ব্যক্তিসকল সৈতেও কথা পাতে আৰু তেওঁলােকক ক’ৰ মানুহ আৰু কিয় ইয়াত আছে, তেওঁলােকৰ ভােটাধিকাৰ ক’ত আছে আদিৰ বিষয়ে প্রশ্ন কৰে। আৰক্ষীক কটাক্ষ কৰি শইকীয়াই কয় যে, আপােনালােকে সাধাৰণ লােকক কোনাে পৰিচয়পত্র প্রদর্শন কৰিব নােৱাৰিলে বাংলাদেশী বুলি ডিটেনছন কেম্পত পঠায়। এই সকল লােকৰো কোনাে পৰিচয়পত্র নাই, তেনেস্থলত এইসকল ব্যক্তিৰ বিৰুদ্ধে আপােনালােকে কিয় ব্যবস্থা গ্রহণ কৰা নাই বুলিও প্রশ্ন কৰে।

সংবাদমাধ্যমৰ সৈতে হােৱা এক সাক্ষাৎকাৰত শইকীয়াই কয় যে, ইয়ালৈ আহি মই আচৰিত হৈছাে। এই সীমা সমস্যা যথেষ্ট পুৰণি আৰু উচ্চতম ন্যায়ালয়ত বিচৰাধীন হৈ আছে। যিহেতু এইটো আদালতৰ বিচৰাধীন বিষয় সেয়ে ইয়াত স্থিতাৱস্থা বাহাল থাকিব লাগে। অসমৰ জাতীয় নায়ক সর্বানন্দ সােণোৱালে চবকাৰ গঠন কৰাৰ পিছত অসমৰ সৈতে চুবুৰীয়া ৰাজ্যৰ সীমা সমস্যা অধিক বৃদ্ধিহে পাইছে । তেওঁ কয় যে, ডিমাছা ছাত্র সংগঠনে দলদলি সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল চলা বুলি মােক এখন স্মাৰকপত্র প্রদান কৰিছিল । ইয়াত আহি মই দেখিলাে ইয়াত বুজাপৰা চলিছে । অসমৰ কেতবােৰ লােক আৰু নগালেণ্ডৰ কেতবােৰ লােক মিলি শান্তি সমিতি গঠনৰ নামত অসমক সংকুচিত কৰাৰ চেষ্টা কৰিছে।

আনহাতে, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে অসমৰ বিভিন্ন প্রান্তত এতিয়া নগাৰ অগ্রাসন চলা বুলি অভিযােগ তুলি কয় যে, বিজেপি চৰকাৰে এনএছচিএনৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰাৰ পিছত এই আগ্রাসন অধিক বৃদ্ধি পােৱা বুলি বিধায়ক গৰাকীয়ে অভিযােগ তােলে । তেওঁ নিজা সমষ্টিৰ লগতে আমগুৰি ,গােলাঘাট, কাৰ্বি আংলং আদি ইয়াৰ উৎকৃষ্ট প্রমাণ আখ্যা দিয়ে। ইয়াৰ পিছতেই বিৰোধী দলপতিসহ দলটে ডিফুলৈ আহি আৱর্ত ভৱনত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বনবিভাগৰ শীর্ষ বিষয়াৰ সৈতে এই সন্দর্ভত এক আলােচনাত মিলিত হয়।

লগতে পঢ়কঃ গীৰ্জা ভঙা কাণ্ডত দোষী সাব্যস্ত মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী

Last Updated : Dec 19, 2020, 8:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.