ডিফু, 20 অক্টোবৰ : বোকাজান মহকুমা আৰক্ষীয়ে মঙলবাৰে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে ৷ বোকাজানৰ খটখটী থানাৰ অন্তৰ্গত লাহৰিজানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছখিনি ৷

খটখটী আৰক্ষীয়ে এখন নম্বৰ প্লেটবিহীন স্কুটিৰ পৰা তিনিটা চাবোনৰ বাকচত উদ্ধাৰ কৰে প্ৰায় 33.90 গ্ৰাম ড্ৰাগছ ।

বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৌব্লিক ব্ৰহ্ম আৰু উপ পৰিদৰ্শক চৰণ মোহন চেতিয়াই অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰে ৷

জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য এক লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযাগত আৰক্ষীয়ে লাহৰিজান টিলাবস্তিৰ আজহাৰ আলীৰ পুত্ৰ আমিৰ আলীক ইতিমধ্যে আটক কৰিছে ৷

আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন আমিৰ আলীৰ জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : আলট্ৰাচাউণ্ড মেচিন নহয়, নগাঁও চিভিলৰ পৰা চুৰি হ'ল কম্পিউটাৰৰ চি পি ইউ