ডিফু,18 জুনঃ বকলীয়াঘাটত এটা লতামাকৰি এটা উদ্ধাৰ হয় ৷ বন বিভাগৰ লোকে উদ্ধাৰ কৰে লতামাকৰিটো ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত বকলীয়াঘাটত এটা লতামাকৰি উদ্ধাৰ কৰা হয় । ঘটনা অনুসৰি বৃহস্পতিবাৰে পুৱা প্ৰায় ৮:৩০ বজাত বকলীয়াঘাটৰ হাতীপুৰা গাঁৱৰ ৰাইজে যমুনা নৈৰপানীত উটি অহা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ উক্ত ঘটনাটো ততালিকে ৰাইজে বকলীয়াঘাটস্থিত বন বিভাগক অৱগত কৰে ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ৰাইজৰ তৎপৰতাত লতামাকৰিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
ইতিমধ্যে বন বিভাগে মাৰাত লংৰি অভয়াৰণ্যত মুকলি কৰি দিয়ে । উক্ত লতামাকৰিটো মাৰাত লংৰি অভয়াৰণ্যৰ পৰা দুৰ্ঘটনাবশত নৈত পৰি উটি অহা বুলি সন্দেহ কৰিছে বন বিভাগে।
লগতে পঢ়ক- কয়লা মুক্তকৰণ : বাণিজ্যিক নিষ্কাষণৰ বাবে ৪১ টা খনিৰ প্ৰস্তাৱ