ETV Bharat / state

ডিফুত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

author img

By

Published : Aug 22, 2022, 6:14 PM IST

ডিফুত পথ দুৰ্ঘটনা (Road Accident in Diphu) ৷ দুৰ্ঘটনাটোত থিতাতে এজন নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন এজন ৷

Road Accident in diphu
ডিফু পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ডিফু, ২২ আগষ্ট: সোমবাৰে পুৱতি নিশা ডিফুত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road Accident) ৷ ডিফুৰ সমীপৰ বিৰলা হোটেল হেম্পীৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা ৷ ফলত দুৰ্ঘটনাটোত থিতাতে এজন নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন এজন (Accident in Diphu) ৷

প্ৰাৰম্ভিক তথ্য অনুসৰি জানিব পৰা মতে, ডিফু-মাঞ্জা পথেৰে ডিফু দিশে আহি থকা AS 01 FE 6431 নম্বৰৰ বাহনখনে একে দিশে আহি থকা AS 09 H 6269 নম্বৰৰ স্কুটীখনক পিছফালৰ পৰা মহতিয়াই নিয়াৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ ফলত স্কুটীখনৰ চালক ডিফু ৰংমিলিৰ নিৱাসী দেৱেন ৰংপিৰ পুত্ৰ জন ৰংপি (২৮) থিতাতে নিহত হয় ৷

আনহাতে, স্কুটীখনৰ পিছফালে বহি থকা আৰোহী ডিফু ৰেংমা কলনিৰ চুনিল কেওট গুৰুতৰ ভাবে আহত হয় ৷ ইতিমধ্যে, আহত ব্যক্তিগৰাকীক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: শিৱসাগৰত অচিনাক্ত বাহনৰ খুন্দাত নিহত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.