ডিফু, ১৫ অক্টোবৰ : আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে বিগত সময়ছোৱাত ব্যাপক অভিযান অব্যাহত ৰখাৰ সময়তে বৃহস্পতিবাৰে বিয়লি মাঞ্জা আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ ব্ৰাউন ছুগাৰসহ এটা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ঘটনাৰ বিৱৰণ অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা অভিযানকাৰী দলে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অভিযান চলায় ।
![one apprehanded with illigal brown suger](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asdiphu15102020oneapprehandedwithilligalbrownsuger_15102020204305_1510f_1602774785_858.jpg)
উক্ত অভিযানত ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন ট্ৰাকত অভিযান চলাই অভিযানকাৰী আৰক্ষীৰ দলে ২৫ টা চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত তিনিশ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয় । ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ২০ লাখ টকা হ'ব বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাকখনৰ চালকজনক আটক কৰিবলৈ সক্ষম হৈছে । ধৃত ট্ৰাকচালকজন বৰপেটা জিলাৰ কয়াকুছি থানাৰ অন্তৰ্গত চকীৰভিটাৰ আলম মিঞা (৩৭) বুলি চিনাক্ত কৰা হৈছে ।
এই সন্দৰ্ভত অধিক তথ্যৰ বাবে ধৃত ট্ৰাকচালজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইতিমধ্যে মাঞ্জা থানাত এই সন্দৰ্ভত ৪০/২০ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে ।
লগতে পঢ়ক : অসমত চৰকাৰী নথিপত্ৰতে আৱদ্ধ চিনেমা হ'ল মুকলিৰ নিৰ্দেশ