ETV Bharat / state

কৰ্তব্যত দেখুওৱা সততাৰ বাবে গৃহৰক্ষী জোৱানক ১ লাখৰ পুৰস্কাৰ DGPৰ - Dilai police seize abour 12 crore rupess worth drugs

কাৰ্বি আংলঙৰ ডিলাইত কৰ্তব্যৰত গৃহৰক্ষী জোৱান বৰচিং বে'ৰ সততাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানে ১ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিলে । গৃহৰক্ষী জোৱানজনৰ সততাৰ বাবে প্ৰায় ১২ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় অসম আৰক্ষী ।

homeguard
কৰ্তব্যত দেখুওৱা সততাৰ বাবে গৃহৰক্ষী জোৱানক ১ লাখৰ পুৰস্কাৰ DGPৰ
author img

By

Published : Jun 22, 2021, 3:41 PM IST

বকলীয়াঘাট, ২২ জুন : দীৰ্ঘদিন ধৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ(Drugs) বিৰোধী অভিযান । ইতিমধ্যে ৰাজ্যত জব্দ হৈছে বহুত পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যৱসায়ীক । আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধেও চলিছে অসম আৰক্ষীৰ অভিযান । ইয়াৰ মাজতে কাৰ্বি আংলং জিলা আৰক্ষীৰ অভিযানত নিশা ডিলাই আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ তিনিগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে নিশা প্ৰায় ৯.৩০ মান বজাত ইম্ফলৰ পৰা গুৱাহাটী অভিমূখে আহি থকা MN-০৬-B-০৫১১ নম্বৰৰ নৈশবাচখনত আৰক্ষীয়ে তালাচী চলাই বুজন পৰিমাণৰ নিষিদ্ধ মেটামফেটামিন (Methamphetamine) জব্দ কৰিবলৈ সক্ষম হয় । ড্ৰাগছ খিনিৰ পৰিমাণ আছিল ৩ কি:গ্ৰা: আৰু জব্দ হোৱা ড্ৰাগছখিনিৰ বজাৰমূল্য প্ৰায় বাৰ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে । এই ঘটনাৰ লগত জড়িত দুগৰাকী মহিলাকে ধৰি তিনিগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

কৰ্তব্যত দেখুওৱা সততাৰ বাবে গৃহৰক্ষী জোৱানক ১ লাখৰ পুৰস্কাৰ DGPৰ

ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চুতিয়াই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, সৰবৰাহকাৰী কেইজনে বাছখনৰ ইঞ্জিনৰ গোপন কক্ষত চালক জনৰ জ্ঞাতসাৰে ড্ৰাগছখিনি লুকুৱাই নিয়াৰ চেষ্টা কৰিছিল ৷ লগতে তালাচীৰ সময়ত সৰবৰাহকাৰীকেইটাই কৰ্তব্যৰত বৰচিং বে' নামৰ এগৰাকী গৃহৰক্ষী জোৱানক(Home guard) বুজন পৰিমাণৰ ধন উৎকোচ দি ড্ৰাগছখিনি সৰবৰাহ কৰিব বিচাৰিছিল যদিও কৰ্তব্যৰত গৃহৰক্ষী জোৱানজনে সততা দেখুৱাই সৰবৰাহকাৰী কেইটাক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰীকেইটা ক্ৰমে খইৰম বসন্ত সিং, লক্ষ্মী ডি আৰু পঞ্জাভিৰাম বুলি চিনাক্ত কৰা হৈছে ।

ধৃত মহিলা দুগৰাকী চেন্নাইৰ বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ সত্যনিষ্ঠ গৃহৰক্ষী জোৱান বৰচিং বে'ৰ সততাৰ বাবে অসম আৰক্ষীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানেও(DGP) প্ৰশংসা কৰিছে । আনহাতে গৃহৰক্ষী জোৱানগৰাকীৰ এই সততাৰ বাবে তেওঁক ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে ৷

লগতে পঢ়ক:একনায়কত্ববাদ আৰু ফেচিবাদৰ পৰা ৰাইজ সাৱধান হওক: অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.