ETV Bharat / state

কাৰ্বি আংলঙত গণ সংক্ৰমনৰ সন্দেহত শংকিত প্ৰশাসন

author img

By

Published : Jul 7, 2020, 10:33 PM IST

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰা কৰ'না আক্ৰান্ত সকলৰ সংস্পৰ্শলৈ অহা সকলক স্বয়ং কোৱাৰেণ্টাই আৰু স্বাৱ টেষ্ট কৰোৱাৰ আহ্বান জিলা প্ৰশাসনৰ ৷

No Social distance in Public At Karbianglong
কাৰ্বি আংলঙত গণ সংক্ৰমনৰ সন্দেহত শংকিত প্ৰশাসন

ডিফু, 7 জুলাইঃ ভয়ংকৰ গণ সংক্ৰমনৰ দিশে অগ্ৰসৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কৰ'ণাত আক্ৰান্ত ব্যক্তি সকলৰ সংস্পৰ্শলৈ অহা আমোলা, বিষয়া, কৰ্মী সকলক স্বয়ং কোৱাৰেণ্টাইন হোৱাৰ লগতে স্বাৱ টেষ্ট কৰাৰ আহ্বান জনাইছে কাৰ্বি আংলং জিলা প্ৰশাসনে ৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙত এতিয়া কৰ'ণাৰ ভয়ংকৰ গণ সংক্ৰমনৰ দিশে অগ্ৰসৰ হোৱাত ৰাইজৰ মাজত চৰম আতংকই বিৰাজ কৰিছে ৷

বহিঃৰাজ্যত থকা জিলাখনৰ শ্ৰমিক সকল ক্ৰমান্বয়ে জিলাখনলৈ অহাত তেওঁলোকক প্ৰশাসনে সংশ্লিষ্ট কোৱাৰেণ্টাইন চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰাৰ পিছত তেওঁলোকৰ মাজৰ পৰা একাংশৰ কোভিড-19 পজিটিভ হোৱাত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ কোভিড হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় ৷ কিন্তু যোৱা কেইদিন ধৰি কোনো ভ্ৰমণ বৃত্তান্ত নথকা কেইজনমান ব্যক্তিৰ স্বাৱ টেষ্ট কৰোতে ৰিপৰ্ট পজিটিভ অহাত জিলাখনৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷ বিশেষকৈ চলিত সপ্তাহত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিকিৎসা বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ দেহত কোভিড-19 ৰ অৱস্থিতি ধৰা পৰাৰ লগতে পৰিষদৰ কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক ৰামছিং হাঞ্চেৰ দেহতো কোভিড পজিটিভ ওলোৱাত জিলাখনৰ কৰ'ণাৰ গণ সংক্ৰমনৰ সন্দেহ হয় ৷ ইয়াৰ পিছতে জিলা প্ৰশাসনে আৰম্ভ কৰে ইএম খনছিং ৰংপি আৰু কৃষি বিভাগৰ শীৰ্ষ বিষয়া ৰামছিং হাঞ্চেৰ সংস্পৰ্শলৈ অহা লোক সকলৰ স্বাৱ টেষ্টৰ প্ৰক্ৰিয়া ৷

আনহাতে ইএম খনছিং ৰংপিৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা পৰিষদৰ বিষয়া কৰ্মী সকলকো কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে ইএম গৰাকীৰ পিছতে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পত্নী কাছে টেৰণপীৰ লগতে পুত্ৰ চেংকান ৰংহাঙৰ আৰু পৰিষদখনৰ ইএম অমৰছিং তিচ', ৰূপছিং টেৰণ আৰু এমএচি ৰামছিং তিমুঙৰ স্বাৱ টেষ্টৰ ফলাফল পজিটিভ আহে ৷ এই পজিটিভ ফলাফলৰ পিছত জিলাখনে গণ সংক্ৰমনৰ এক জলন্ত সাক্ষ্য বহন কৰিছে ৷ আনহাতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত প্ৰায় ৩০০ বিষয়া-আমোলাৰ লগতে কৃষি বিভাগৰ কাৰ্যালয়ৰ বহু বিষয়া কৰ্মচাৰী কৰ'ণাক্ৰান্ত সকলৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষ ভাবে সংস্পৰ্শলৈ আহে ৷

ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰে আনলক ১ ঘোষণা কৰাৰ পিছত জিলাখনৰ সদৰ চহৰ ডিফুত ৰাইজৰ মাজত কোনো ধৰণৰ সামাজিক দূৰত্ব ৰক্ষা নকৰা, মাস্ক নিপিন্ধাকে আৰম্ভ কৰি কৰ'ণাৰ বাবে থকা সতৰ্কতামুলক গাইডলাইন সমূহ ব্যাপক হাৰত উলংঘন কৰা পৰিলক্ষিত হৈছে ৷ জিলা প্ৰশাসনে ইতিমধ্যে কৰণাক্ৰান্ত সকলৰ সংস্পৰ্শলৈ অহা পৰিষদৰ আমোলা, বিষয়া কৰ্মী সকলক স্বেচ্ছাই কঠোৰ কোৱাৰেণ্টাইনত থকাৰ লগতে আৰু স্বাৱ টেষ্ট কৰাৰ বাবে আহ্বান জনাইছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক- পুনৰ উত্তপ্ত বাঘজান: আত্মজাহৰ ভাবুকি প্ৰতিবাদকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.