ETV Bharat / state

Nine books inaugurated : ডিফুত একেদিনাই 9খনকৈ গ্ৰন্থ উন্মোচন - Padmashree Dhaneswar Engti

ৰাজ্যজুৰি গ্ৰন্থৰ সুবাস ৷ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বিভূমিৰ ডিফুত একে দিনতে তিনিগৰাকীকৈ বিশিষ্ট লেখকৰ ন খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় (Nine books inaugurated at Diphu) ৷

Nine books inaugurated at Diphu in one day
ডিফুত একেদিনাই ন খনকৈ গ্ৰন্থৰ শুভ উন্মোচন
author img

By

Published : Jan 10, 2023, 9:24 PM IST

ডিফুত একেদিনাই ন খনকৈ গ্ৰন্থৰ শুভ উন্মোচন

ডিফু, ১০ জানুৱাৰী: শীত মানেই গ্ৰন্থৰ বতৰ ৷ ৰাজ্যজুৰি ভিন্ন প্ৰান্তত পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত মঙলবাৰে একে দিনাই তিনিগৰাকীকৈ বিশিষ্ট লেখকৰ ন খনকৈ গ্ৰন্থৰ উন্মোচন কৰে (Nine books inaugurated at Diphu) ৷ আজি বিয়লিৰ ভাগত ডিফুৰ লৰুলাংচস্থিত ৰাংছিনা ছাৰপ' কালচাৰেল হলত পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে (Padmashree Dhaneswar Engti) উন্মোচন কৰে গ্ৰন্থ কেইখনৰ ৷

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Dr Himanta biswa Sarma) মাতৃ মৃণালিনী দেৱীয়ে গ্ৰন্থকেইখনৰ শুভ উন্মোচন কৰাৰ কথা আছিল যদিও মুৰকত দুৰ্ভাগ্যক্ৰমে, জাগীৰোডৰ ওচৰত তেওঁ আহি থকা বাহনখন এক পথ দুৰ্ঘটনাত পতিত হোৱাত উন্মোচনী সভাখনত অংশ গ্ৰহণ কৰিবলৈ সক্ষম নহ'ল ৷ ডিফু শংকৰদেৱ শিশু নিকেতনৰ (Diphu Sankardev Vidya Niketan) ছাত্ৰ ছাত্ৰী সকলৰ স্বাগত সংগীতেৰে আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ উন্মোচনী সভাখনৰ বন্তি প্ৰজলন কৰে জ্যেষ্ঠ সাংবাদিক তথা সাংবাদিক পেঞ্চনাৰ নগেন বৰাই ৷ সভাৰ পূৰ্বে সদ্য প্ৰয়াত বিশিষ্ট সাহিত্যিক কবি পাৰি ৰংপিৰ আত্মাৰ সদ্গতিৰ বাবে ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷

উন্মোচিত গ্ৰন্থকেইখন ক্ৰমে, ধনছিং টেৰণৰ চ'বচে আৰণ, হিজো-ফান, চ'কোৰ আৰু সৃষ্টিৰ ৰস তত্ব, প্ৰৱীণ কুমাৰ বৰকটকীৰ উন্মনা প্ৰাণৰ ঢৌ, বৰ্ণাভ কষটি শিল, আমি হেৰাই যাব নোৱাৰো লগতে ৰবীন চন্দ্ৰ বেজবৰুৱাৰ কবিতা পুথি অনুভৱৰ ঠিকনা আৰু একাংকিকা নাট শেষ সিদ্ধান্তৰ শেষ শব্দ ৷

গ্ৰন্থ কেইখন উন্মোচন কৰি দিয়া ভাষণত পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, একেদিনাই নখনকৈ গ্ৰন্থ উন্মোচন কৰাটো গ্ৰন্থপ্ৰেমী সকলৰ বাবে এক আনন্দৰ বিষয় ৷ গ্ৰন্থ সমূহত বহুতো জ্ঞানৰ সম্ভাৰ থকাৰ লগতে কাৰ্বি সম্প্ৰদায়ৰ বহু দেৱ দেৱীৰ পূজা পাতলৰ বৰ্ণনাৰ লগতে প্ৰকৃতিৰ বিস্তৃত বাখ্যা আৰু কাৰ্বি কথিত ভাষাৰ ওপৰত আলোকপাত কৰা হৈছে ৷ গ্ৰন্থসমূহ অধ্যয়ন কৰিলে নৱ প্ৰজন্মৰ লগতে সাহিত্যপ্ৰেমী সকল যথেষ্ট উপকৃত হ’ব বুলি কয় ৷

জিলাখনৰ নৱীন-প্ৰবীন লেখক-লেখিকাৰ সাহিত্য চৰ্চাৰ প্ৰতি থকাৰ ধাউতিক শলাগ লৈছে বিশিষ্ট সাহিত্যকগৰাকীয়ে ৷ এই উন্মোচনী সভাত জিলা সাহিত্য সভাৰ সভাপতি হৰি মোহন জিগদুং, কেএলএৰ সাধাৰণ সম্পাদক জয়ছিং টকবী, প্ৰাক্তন সভাপতি ছিং ক্ৰ’, ড৹ মাইনু বৰা, ৰূপলেং ইংতিপী আৰু নিত্যানন্দ বৰা উপস্থিত থাকে ৷

উল্লেখযোগ্য যে যোৱা কেইদিনমান পূৰ্বে একে স্থানত মুন কুমাৰ ডেকা সম্পাদিত ড৹ ফুকন চন্দ্ৰ ফাংচ' আৰু টংক কোঁৱৰৰ লংকিহঁতৰ কেংলংপ' অভিযান নামৰ পুথি দুখনৰ শুভ উন্মোচন কৰিছিল পদ্মশ্ৰী ৰংবং তেৰাঙে ৷

লগতে পঢ়ক: Eviction drive at Pabha Reserved Forest: পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.