ETV Bharat / state

মাইকযোগে অসমৰ লোকক ভাবুকি দিলে নগাই - NAGA MISCRENT ANNOUNCE BY MICE TO OCCUPAI ASSAM BORDER LAND

অসম-মিজোৰাম সীমান্তৰ উত্তেজনা মাৰ নৌযাওঁতেই এইবাৰ অসম-নাগালেণ্ড সীমান্তৰ ভূমিকলৈ নগা দুৰ্বৃত্তৰ অতপালি ৷ অসমৰ ভূমিত নগাৰ অতপালি ৷ মাইকযোগে অসমৰ লোকক ভাবুকি নগাৰ ৷ শনিবাৰে পুৱাৰে পৰা 40/50 জনীয়া এটা নগা দলে আৰম্ভ কৰিছিল গীৰ্জা নিৰ্মাণৰ কাম ৷ দলটোৱে আনকি মাইকযোগে ঘোষণা কৰে সকলোৱে মিলি সেই ঠাইত গাওঁ পাতি বসবাস কৰাৰ কথা ৷

naga-miscrent-announce-by-mice-to-occupai-assam-border-land
মাইকযোগে অসমৰ লোকক ভাবুকি দিলে নগাই
author img

By

Published : Aug 14, 2021, 6:34 PM IST

ডিফু, 14 আগষ্ট: ভাৰতৰ মূল-ভূখণ্ডত ‘সাতভনী’ৰ নামেৰে পৰিচিত উত্তৰ-পূৰ্বাঞ্চল ৷ কিন্তু এই সাতভনীৰ মাজতে সীমাক লৈ সময়ে সময়ে ৰক্তাক্ত হৈ আহিছে ইয়াৰ সীমান্তৱৰ্তী অঞ্চল ৷ অসম-মিজোৰাম সীমান্তৰ উত্তেজনা মাৰ নৌযাওঁতেই এইবাৰ অসম-নাগালেণ্ড সীমান্তৰ ভূমিকলৈ নগা দুৰ্বৃত্তৰ অতপালি ৷ এইবাৰ কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ দিছাপুৰত অসমৰ লোকক লক্ষ্য কৰি ভাবুকি নগা দুৰ্বৃত্তৰ ।

অসমৰ ভূমি বেদখলৰ অপচেষ্টাৰে শনিবাৰে মাইকযোগে অসমৰ ৰাইজক ভাবুকি দি নগাই দেখুৱাইছে এনে দুঃসাহস ৷ কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী দলদলী সংৰক্ষিত বনাঞ্চলৰ লাহৰিজানৰ ডিছাপুৰত একাংশ নগাই গীৰ্জা নিৰ্মাণৰ যো-জা চলোৱাৰ বাতৰি পোৱা গৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে পুৱাৰে পৰা 40/50 জনীয়া এটা নগা দলে আৰম্ভ কৰিছিল গীৰ্জা নিৰ্মাণৰ কাম ৷

মাইকযোগে অসমৰ লোকক ভাবুকি দিলে নগাই

দলটোৱে আনকি মাইকযোগে ঘোষণা কৰে সকলোৱে মিলি তাত গাওঁ পাতি বসবাস কৰিব ৷ উক্ত গাঁৱক চৰকাৰে স্বীকৃতি দিয়া বুলিও মাইকযোগে ঘোষণা কৰে নগা লোকসকলে ৷ এই সন্দৰ্ভত জিলা প্ৰশাসন আৰু জিলা আৰক্ষী প্ৰশাসনক অৱগত কৰিছে বন বিভাগে ৷

উল্লেখ্য যে, অসমৰ সৈতে ভৌগলিক সীমা ভগাই লোৱা অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ডৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা সীমা বিবাদত 1979 চনৰ পৰা 2021 চনলৈ প্ৰাণ হেৰুৱাইছে 157 গৰাকী নিৰীহ লোকে আৰু লগতে আহত হৈছে 361 গৰাকী লোক ৷ সীমা সংক্ৰান্তীয় বিবাদত গৃহহীন হ’বলগীয়া হৈছে 65,729 গৰাকী লোক ৷

সীমা বিবাদত প্ৰাণ হেৰুওৱা 157 গৰাকী লোকৰ ভিতৰত 136 গৰাকীয়ে প্ৰাণ হেৰুৱাইছে অসম-নাগালেণ্ডৰ সীমা সংঘাতত ৷ ইয়াৰ পিছতে অসম আৰু অৰুণাচলৰ মাজৰ সীমান্ত সংঘাতত প্ৰাণ হেৰুৱাইছে 10 গৰাকী লোকে ৷ অসম-মিজোৰাম সীমান্ত সংঘাতত প্ৰাণ হেৰুৱাইছে 7 গৰাকী নিৰীহই আৰু অসম-মেঘালয় সীমান্ত সংঘাতত প্ৰাণ হেৰুৱাইছে 8 গৰাকী লোকে ৷

শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে Rights and Risks Analysis Group (RRAG) গ্ৰুপে ৷

লগতে পঢ়ক:অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাই চলাইছে আগ্ৰাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.