ডিফু, 18 নৱেম্বৰ: কাৰ্বি আংলঙৰ ডিফুত অস্ত্ৰ-শস্ত্ৰ সহ এজন দুৰ্বৃত্তক আটক ৷ মঙলবাৰে সন্ধিয়া ডিফুত ডিফু থানাৰ অ'চি চিৰাজ ইংতিৰ নেতৃত্বত চলা এক অভিযানত দুৰ্বৃত্ত জনক গ্ৰেপ্তাৰ কৰে ৷
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি অ'চি চিৰাজ ইংতিয়ে সহযোগীৰ সৈতে ডিফুৰ লামডিঙ পথত মণিৰাম ৰংফাৰৰ ঘৰত এক অভিযান চলাই এটা পিষ্টল, ২ টা ৱাকি টকী, ৬ জাঁই সজীৱ গুলী, দুযোৰ সামৰিক পোছাক আৰু ১ টা চাৰ্জাৰ উদ্ধাৰ কৰাৰ লগতে মণিৰাম ৰংফাৰক আটক কৰে ৷
ধৃত মনিৰাম ৰংফাৰে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি মণিৰাম ৰংফাৰ আৰু তেওঁৰ সতীৰ্থ সকলে অপহৰণ আৰু ডকাইতি কাৰ্যৰ পৰিকল্পনা কৰিছিল ৷ এই সন্দৰ্ভত আৰক্ষীয়ে ডিফু থানাত ২২০/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰিছে ৷ লগতে অভিযুক্তক ডিফু আদালতত হাজিৰ কৰাই 4 দিনৰ আৰক্ষীৰ জিম্মাত লৈছে ৷
কাৰ্বি আংলঙৰ ডিফুত পুনৰ একাংশ দুৰ্বৃত্ত সক্ৰিয় হৈ উঠাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে এনেদৰে অস্ত্ৰ শস্ত্ৰ দুৰ্বৃত্ত আটক হোৱাৰ ঘটনাই অঞ্চটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক:ৰাজনৈতিক হত্যাৰ বলি হৈছিল নেকি লাফিকুল ইচলাম !