ETV Bharat / state

আৰক্ষী জিম্মাৰ পৰা পলায়ন ধৰ্ষণৰ মূল অভিযুক্ত : নিলম্বিত দুজন - minor raped case accused escaped from dmch

ডিফুত আৰক্ষী জিম্মাৰ পৰা এজন অভিযুক্ত পলায়ন কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ এগৰাকী কিশোৰীৰ ধৰ্ষণকাণ্ডৰ অভিযুক্ত আছিল আটকাধীন লোকজন ৷ শৌচাগাৰৰ ভেণ্টিলেটৰেৰে পলায়ন কৰে ধৃত লোকজনে(Minor raped case accused escape from DMCH) ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি ডিফু আৰক্ষী চাউনি ঘেৰাও কৰি দল-সংগঠন তথা ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷

minor-raped-case-accused-escape-from-dmch-in-diphu
Minor raped in Diphu: নাবালিকা ধৰ্ষণ কাণ্ডৰ অভিযুক্ত ইকবাল হুছেইনৰ পলায়ন
author img

By

Published : May 29, 2022, 11:07 AM IST

Updated : May 29, 2022, 2:34 PM IST

ডিফু, 29 মে' : ডিফু সাতমাইলত সংঘটিত নাবালিকা ধৰ্ষণকাণ্ডৰ অভিযুক্ত ইকবাল হুছেইনে শনিবাৰে নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে ৷ ইকবাল আৰক্ষী জিম্মাত গুৰুতৰভাৱে অসুস্থ হোৱাত তেওঁক ডিফু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷ নিশা প্ৰায় ১১ বজাত প্ৰস্ৰাৱ কৰাৰ ছলেৰে অভিযুক্ত ইকবাল হুছেইনে শৌচাগাৰলৈ যায় আৰু শৌচাগাৰৰ ভেণ্টিলেটৰেৰে পলায়ন কৰে(Minor raped case accused escape from DMCH)৷

ইয়াৰ পিছতে ডিফু সাতমাইলৰ নাবালিকা ধৰ্ষণৰ অভিযুক্তৰ পলায়নকলৈ ডিফুত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ ডিফু আৰক্ষী চাউনি ঘেৰাও কৰি দল-সংগঠন তথা ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ আৰক্ষী নিৰাপত্তাৰক্ষীৰ গাফিলতিৰ বাবে ইকবাল হুছেইন পলায়ন কৰিবলৈ সক্ষম হয় বুলি অভিযোগ উত্থাপন হয় ৷

minor-raped-case-accused-escaped-from-dmch
Minor raped in Diphu: আৰক্ষী জিম্মাৰ পৰা পলায়ন মূল অভিযুক্তৰ : নিলম্বিত দুজন

ইতিমধ্যে, নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা গাফিলতিৰ বাবেই নিৰাপত্তাৰক্ষী দুজনক ইতিমধ্যে নিলম্বন কৰা হৈছে ৷ নিলম্বন কৰা নিৰাপত্তাৰক্ষী দুজন শংকৰ মহানায়ক(ইউবি নায়ক ৫৬ নং) , লাল মিংনিলা লুছাই(এবিচি ১৪৪ নং) বুলি জানিব পৰা গৈছে ৷ আনহাতে দিনটোৰ ভিতৰতে অভিযুক্তক কৰায়ত্ব কৰিবলৈ আৰক্ষী প্ৰশাসনক সকিয়নি প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ৷

ইফালে, প্ৰতিবাদকাৰী সকলে আসাম পুলিছ গ'বেক, আসাম পুলিচ হায় হায় আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলক অতি শীঘ্ৰেই অভিযুক্ত ইকবাল হুছেইনক কৰায়ত্ব কৰাৰ আশ্বাস প্ৰদান কৰে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক, আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল আৰু নাহিদ কৰিশ্মাই ৷

আৰক্ষী জিম্মাৰ পৰা পলায়ন ধৰ্ষণৰ মূল অভিযুক্ত

বিগত ২৭ মে'ত ডিফু থানাৰ অন্তৰ্গত সাত মাইলৰ ছেদেং তেৰাং গাঁৱত সংঘটিত হৈছিল উক্ত ধৰ্ষণকাণ্ড (Minor raped in Diphu) ৷ ভুক্তভোগী ছাত্ৰীগৰাকী দিনৰ প্ৰায় ডেৰ বজাত বিদ্যালয় ছুটীৰ পিছত ঘৰলৈ যোৱাৰ সময়ত ওচৰতে কুঁৱাৰ কাম কৰি থকা শ্ৰমিক ইকবাল হুছেইনে নাবালিকাগৰাকীক ধৰ্ষণ কৰে(Minor raped in Diphu) ৷

নাবালিকাগৰাকীৰ চিঞৰ শুনি ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ অভিযুক্ত শ্ৰমিক ইকবাল হুছেইনক আটক কৰে ৷ স্থানীয় লোকে ইকবালক উত্তম-মধ্যম সোধাই আৰক্ষীৰ হাতত গতাই দিয়ে ৷ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত ৩৪/২০২২ নম্বৰত এক গোচৰ ৰুজু কৰে ৷ উক্ত গোচৰৰ ভিত্তিত ডিফু আৰক্ষীয়ে ইকবাল হুছেইনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছিল ৷

লগতে পঢ়ক : Minor raped in Diphu: নাবালিকাক ধৰ্ষণৰ অভিযোগত এজনক আটক

Last Updated : May 29, 2022, 2:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.