ডিফু, ৮ জানুৱাৰী: কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তী চুতিয়ানলাৰ ডিক্ৰেংলাংচত শণিবাৰে ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Massive fire breakes out in Diphu Town)৷ বিয়লি প্ৰায় তিনি বজাত ডিফুৰ চুতিয়ানলাৰ সমীপৱৰ্তী ডিক্ৰেংলাংচ নেপালী বস্তিৰ সূৰ্যবাহাদুৰ প্ৰধানৰ বাসগৃহত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈ সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷
জুইৰ লেলিহান শিখাই সূৰ্য বাহাদুৰ ৰায়ৰ বাসগৃহটো সম্পূৰ্ণভাৱে গ্ৰাস কৰাৰ লগতে পাকঘৰটো জ্বলি ভস্মীভূত হয় ৷ উক্ত অগ্নিকাণ্ডত তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুইৰ প্ৰকোপ বৃদ্ধি পায় ৷ আনহাতে উক্ত অগ্নিকাণ্ডত দুটা লেপটপ, টিভি, ফ্ৰিজ, ব্যক্তিগত নথিপত্ৰৰ লগতে সূৰ্যবাহাদুৰ প্ৰধানৰ পুত্ৰ তথা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ তৃতীয় ছেমিষ্টাৰৰ ছাত্ৰ অমৰ বাহাদুৰ প্ৰধানৰ যাৱতীয় নথি-পত্ৰ, গোঁহালিৰ লগতে অট’ ৰিক্সাও জ্বলি যায় ৷
উক্ত অগ্নিকাণ্ডত প্ৰায় ১০ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি নষ্ট হয় ৷ অগ্নিকাণ্ডৰ খবৰ পোৱাৰ মাত্ৰকে ডিফুৰ পৰা যোৱা দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ জৰিয়তে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰে ৷
লগতে পঢ়ক: নৰাৰ ঘৰৰ ভিতৰত খেলি থাকোতেই ৰহস্যজনকভাৱে অগ্নিদগ্ধ তিনি শিশু