ডিফু, 15 ফেব্ৰুৱাৰী : নিজৰ প্ৰেমক সাৰ্থক ৰূপ দি প্ৰণৱ বৰা নামৰ যুৱকজনৰ সৈতে বিয়াত বহিছিল মাৰ্চি বৰা ৷ কাৰ্বি আংলং জিলাৰ কামপুৰীয়া গাঁৱৰ স্বামীগৃহত বেচ সুখেৰেই দিন কটাইছিল নৃত্য. পেইণ্টিং, কবিতা চৰ্চা কৰি ভালপোৱা মাৰ্চিয়ে ৷ কিন্তু 14 ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেণ্টাইন ডে'ৰ দিনাই সকলো খেলি মেলি হৈ গ'ল মাৰ্চি-প্ৰণৱৰ সংসাৰত ৷
শুকুৰবাৰে বিয়লিভাগত মাৰ্চিলৈ ফোন কৰিছিল স্বামী প্ৰণৱে ৷ কিন্তু মাৰ্চিয়ে ফোন ৰিচিভ নকৰাত ভায়েকলৈ ফোন কৰি প্ৰণৱে মাৰ্চিক ফোনটো দিবলৈ কয় ৷ প্ৰণৱৰ ভাতৃয়ে বহুবাৰ দুৱাৰত টুকুৰিওৱাৰ পাচতো দুৱাৰ খোলা নাছিল মাৰ্চিয়ে ৷ তাৰ পাচত দেওৰেকে খিৰিকিৰে কোঠাৰ ভিতৰলৈ চোৱাত দেখা পায় এক ভয়ংকৰ দৃশ্য, ভেণ্টিলেটৰত ওলমি আছিল মাৰ্চিৰ নিথৰ দেহ ৷ মাৰ্চিৰ মৃত্যুৱে হতচকিত কৰি তুলিছে সকলোকে ৷ কোনেও যেন মানি ল'ব পৰা নাই মাৰ্চিৰ মৃত্যুক ৷
ডকমকা আৰক্ষীয়ে সম্প্ৰতি আৰম্ভ কৰিছে তদন্ত ৷ প্ৰাথমিক তদন্তত ডকমকা আৰক্ষীয়ে হতাশগ্ৰস্ততাত ভূগি মাৰ্চিয়ে আত্মহনন কৰিছে বুলি ক'ব খোজে ৷ মুকলি মনৰ স্ফূৰ্তিবাজ মাৰ্চিয়ে হঠাৎ কিয় এনে কঠোৰ সিদ্ধান্ত ল'লে তাক লৈ হতভম্ব মাৰ্চিৰ মাতৃ আৰু পৰিয়ালবৰ্গ ৷ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰা হৈছে মাৰ্চি বৰাৰ মৃতদেহ ৷ সকলোকে নৃত্য-গীত-কবিতাৰে আপ্লুত কৰি ৰখা মাৰ্চিৰ চৰম সিদ্ধান্তই এতিয়া শোকস্তব্ধ কৰি তুলিছে পৰিয়াল তথা বন্ধু বান্ধৱক ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে জানিব পৰা যাব মাৰ্চিৰ মৃত্যুৰ ৰহস্য ৷
লগতে পঢ়ক : ছ'চিয়েল মিডিয়াৰ এটা ভাইৰেল ভিডিঅ':দক্ষতা এটি কণমানিৰ