ETV Bharat / state

বোকাজানত হাতী মানুহৰ সংঘাত

author img

By

Published : Aug 16, 2021, 9:59 PM IST

বোকাজানত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ নিশা হাতীৰ জাকে জনবসতিপূৰ্ণ এলেকাত লণ্ড-ভণ্ড কৰিলে ঘৰ-দুৱাৰ ৷

man-elephant-conflict-in-bokajan
বোকাজানত হাতী মানুহৰ সংঘাট

ডিফু, ১৬ আগষ্ট : বোকাজানত অব্যাহত আছে হাতী মানুহৰ সংঘাত(man elephant conflict) । ক্ৰমাৎ দিনক দিনে বৃদ্ধি পাইছে বোকাজানৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত বন্যহস্তীৰ তাণ্ডৱ । এফালৰ পৰা বন্যহস্তীৰ জাকটোৱে গাঁৱৰ লোকসকলৰ ঘৰ দুৱাৰ আদি ভাঙি তহিলং কৰিছে। কিন্তু, সংশ্লিষ্ট বিভাগৰ সেই দুৰ্ভগীয়া পৰিয়াল সমূহৰ খবৰ ল’বলৈ আহৰি নাই ।

ন-দহজনীয়া বন্য হস্তীৰ জাক(group of wild elephant)টোৱে বোকাজানৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত খাদ্যৰ সন্ধানত নিশা প্ৰৱেশ কৰি বহু লোকৰ ঘৰ দুৱাৰ ভঙাৰ লগতে কৃষক ৰাইজৰ খেতি পথাৰ আদি নষ্ট কৰি আহিছে । একাংশলোকে ৰহস্যজনকভাবে বনধ্বংশ যজ্ঞ চলাই অবৈধভাৱে ঘৰ দুৱাৰ সাজি বসবাস আৰম্ভ কৰাৰ ফলত বনাঞ্চল সমূহ ক্ৰমশঃ সংকুচিত হৈ পৰিছে ৷ ইয়াৰ ফলতে এতিয়া খাদ্যৰ সন্ধানত নিশা বনৰীয়া হাতীৰ জাকটোৱে গাঁও অঞ্চল সমূহত প্ৰৱেশ কৰি এনেধৰণে তাণ্ডৱ চলাই আছে বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে ৷
দেওবাৰে নিশা, প্ৰায় ৯ জনীয়া বন্যহস্তীৰ জাকটোৱে পশ্চিম ঘৰীয়ালদুবি গাঁৱত প্ৰৱেশ কৰি চনু মুৰা নামৰ লোকজনৰ বাসগৃহ তহিলং কৰে ৷ ইয়াৰ লগতে একে গাঁৱৰে জীৱন মেচ নামৰ লোকজনৰো বাসগৃহ ভাঙি তহিলং কৰে হাতীৰ জাকটোৱে । ক’ভিড কালত সকলো পথ বন্ধ হৈ যোৱাৰ পিছতো দিনহাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি জীৱন নিৰ্বাহ কৰি থকা দুখীয়া লোকৰ ঘৰ-দুৱাৰ এইদৰে বনৰীয়া হাতীয়ে ভাঙি পোলোৱাত এতিয়া হতাশ হৈ পৰিছে ঘৰৰ গৰাকী লোক কেইজন ৷

লগতে পঢ়ক : আফগানিস্তানত আৱদ্ধ পৰিয়ালক লৈ চিন্তিত ক্ৰিকেটাৰ ৰাছিদ খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.