হোজাই,17 জুলাই: ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ কৰ’ণা ভাইৰাছ, লক ডাউন আৰু বানৰ পিছতে একাংশ ৰাজ্যবাসী সন্মুখীন হৈছে বন্যহস্তীৰ তাণ্ডৱৰ ৷ পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত বনৰীয়া হাতীয়ে সন্ত্ৰাস আৰু উপদ্ৰৱ চলাই জন-জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ বিশেষকৈ খাদ্যৰ সন্ধানত অঞ্চলটোলৈ বৃহস্পতিবাৰে নিশা ওলাই অহা এটি বনৰীয়া হাতীয়ে সঞ্জয় টেৰাং নামৰ লোকগৰাকীৰ লগতে আন দুটাকৈ পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে । আনকি ভঁৰালত মজুত ৰখা ধান, অন্যান্য খাদ্য সামগ্ৰী খাই তহিলং কৰে হাতীটোৱে । পৰৱৰ্তী সময়ত হাতীটোক খেদিবলৈ সক্ষম হয় গাঁওবাসীয়ে ৷
লগতে চাওকঃ শোণিতপুৰত 504 গৰাকীলৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা