ডিফু,7 ডিচেম্বৰ : কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ কিছু নিলগৰ বৰলাংফেৰ থানা এলেকাত সংঘটিত হয় এক ধৰ্ষণ কাণ্ড ৷ এগৰাকী তিনি সন্তানৰ মাতৃ তথা বিধৱা মহিলাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে উৎপল মজুমদাৰ নামৰ এজন লোক ৷
ধৰ্ষিতা মহিলাগৰাকীৰ অভিযোগ অনুসৰি, শনিবাৰে সন্ধিয়া 7.30 বজাত উৎপল মজুমদাৰে তেওঁৰ ঘৰত অনাধিকাৰে প্ৰৱেশ কৰি বলপূৰ্বকভাৱে ধৰ্ষণ কৰি পলাই যায় ৷ জানিব পৰা মতে, ধৰ্ষিতা মহিলাগৰাকীৰ স্বামীৰ তিনিমাহ পূৰ্বে মৃত্যু হয় ৷
ঘটনা সন্দৰ্ভত মহিলা গৰাকীয়ে বৰলাংফেৰ থানাত এজাহাৰ দাখিল কৰিছে ৷ ধৰ্ষিতাৰ এজাহাৰৰ ভিত্তিত বৰলাংফেৰ আৰক্ষীয়ে উৎপল মজুমদাৰ গ্ৰেপ্তাৰ কৰে ৷ ভাৰতীয় দণ্ডাবিধি আইনৰ 448/376ৰ অধীনত 9/2020 নম্বৰত গোচৰ ৰুজু কৰি অভিযুক্ত ধৰ্ষণকাৰীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : নিৰ্মীয়মান নলবাৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি