ETV Bharat / state

১১ ছেপ্তেম্বৰত ডিফু ন্যায়িক আদালতত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় লোক আদালত

author img

By

Published : Sep 9, 2021, 10:50 PM IST

১১ ছেপ্তেম্বৰত ডিফু ন্যায়িক আদালতত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় লোক আদালত ৷ ১৩০০ টা বিভিন্ন গোচৰ লোক আদালতত নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হৈছে ৷

lok-adalat-will-be-held-in-diphu-on-11-september
১১ ছেপ্তেম্বৰত ডিফু ন্যায়িক আদালতত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় লোক আদালত

ডিফু, ৯ ছেপ্তেম্বৰ : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাতো অহা ১১ ছেপ্তেম্বৰত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় লোক আদালত ৷ কাৰ্বি আংলং জিলাৰ ন্যায় সেৱা প্ৰাধিকৰণৰ উদ্যোগত অন লাইন আৰু অফলাইন দুয়োটা মাধ্যমতেই অনুষ্ঠিত হব ৰাষ্ট্ৰীয় লোক আদালত ৷ বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ ন্যায় সেৱা প্ৰাধিকৰণৰ সচিব নাগিব আহমেদে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কয় যে, অহা ১১ ছেপ্তেম্বৰত ডিফু ন্যায়িক আদালত অফলাইন আৰু অনলাইন যোগে জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ ১৩০০ গোচৰ নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হৈছে ৷

ইয়াৰ মাজত ডিফু ন্যায়িক আদালতৰ গোচৰৰ বাহিৰেও এপিডিচিএল, বেংক, উপায়ুক্ত কাৰ্যালয়ৰ লগতে যান-বাহনৰ গোচৰ সমূহ নিষ্পত্তি কৰা হব বুলি মন্তব্য কৰে ৷ এইলৈ সংশ্লিষ্ট ব্যক্তি সকললৈ জাননী প্ৰেৰণ কৰা হৈছে ৷ ক'ভিডৰ ভয়াবহতাৰ বাবে আদালতলৈ আহিব নিবিছৰা ব্যক্তি সকলে গুগল মীটৰ জৰিয়তে লোক আদালতত অংশ গ্ৰহণ কৰিব পাৰিব ৷ ইয়াৰ বাবে জাননীত গুগল মীটৰ লিংক উল্লেখ কৰা হৈছে বুলি জানিব দিছে ডিএলএছএৰ সচিব গৰাকীয়ে ৷

জাননী পোৱা ব্যক্তি সকলে গোচৰ সন্দৰ্ভত নিজৰ অধিবক্তাৰ লগত যোগাযোগ কৰাৰ লগতে ডিএলএছএই জাৰি কৰা ভ্ৰাম্যভাষ নম্বৰ 6901281636 নম্বৰত যোগাযোগ কৰিব পাৰে বুলি জনাইছে সচিব গৰাকীয়ে ৷ লোক আদালতত অংশ গ্ৰহণ কৰিবলৈ আহোতে সংশ্লিষ্ট গোচৰৰ লগত জড়িত ব্যক্তি সকলে পান কাৰ্ড , আধাৰ কাৰ্ড আদি যিকোনো চৰকাৰী ভাবে স্বীকৃতি থকা পৰিচয় পত্ৰ লগত আনিব লাগিব বুলি জনাইছে ডিএলএছএৰ সচিব গৰাকীয়ে ৷

লগতে পঢ়ক : নিমাতীঘাট নাও ট্ৰেজেডী : ৰাজনীতিত নিমজ্জিত এখন দলঙৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.