ETV Bharat / state

ডিফুৰ ন্যায়িক আদালতত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত

author img

By

Published : Mar 12, 2022, 8:58 PM IST

শনিবাৰে ডিফুত ডিফুৰ ন্যায়িক আদালতত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হয় (National Lok Adalat at Diphu) ৷ এই লোক আদালতত মুঠ 213 টা গোচৰ নিষ্পত্তি কৰা হয় ৷

press-meet-at-diphu-district-court-on-the-occasion-of-national-lok-adalat
ডিফুত ন্যায়িক আদালতত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত

ডিফু, 12 মাৰ্চ : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি শনিবাৰে ডিফুৰ ন্যায়িক আদালতত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হয় (National Lok Adalat at Diphu) ৷ এই অনুষ্ঠানত উপস্থিত থাকি ডিএলএছএৰ সচিব নাগিব আহমেদে অপৰাধমূলক, দেৱানী, মটৰ দূৰ্ঘটনা জনিত গোচৰৰ লগতে এপিডিচিএল, বিএছএনএল, ষ্টেট বেংক অফ ইণ্ডিয়া, অসম গ্ৰামীণ বিকাশ বেঙ্ক, চেন্ট্ৰেল বেঙ্ক ইণ্ডিয়া, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেঙ্ক ডিফুৰ পূৰ্বৰ ঋণ সম্পৰ্কীয় গোছৰ সমূহ লোক আদালতত নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হয় বুলি জানিব দিয়ে (Press meet at Diphu District Court) ৷

লগতে এই লোক আদালতত মুঠ 213 টা গোচৰ নিষ্পত্তি কৰা হয় ৷ ইয়াৰে মুঠ 601 টা আদালতৰ আৰু মটৰ দূৰ্ঘটনা জনিত গোচৰৰ ভিতৰত 131 টা গোচৰৰ নিষ্পত্তিকৰণ, বেংক, এপিডিচিএল আৰু বিএছএনএলৰ পূৰ্বৰ ঋণজনিত মুঠ 1401 টা গোচৰৰ ঠাইত 82 টা গোচৰৰ নিষ্পত্তিকৰণ কৰা হয় বুলি জানিব দিয়ে সচিবগৰাকীয়ে ৷ তদুপৰি, বিত্তীয় প্ৰতিষ্ঠান সমূহে পূৰ্বৰ ঋণ হিচাপে উক্ত লোক আদালতৰ জৰিয়তে ২৮,২৮,৪৮৬ টকা সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে ৷

ইয়াৰোপৰি, এই সংবাদমেলৰ জৰিয়তে জিলা আৰু সত্ৰ ন্যায়াধীশ আব্দুল হেকিম আৰু ডিএলএছৰ সচিব নাগিব আহমেদে লোক আদালতত অংশ গ্ৰহণ কৰা বিভিন্ন বিত্তীয় খণ্ডৰ প্ৰতিনিধি আৰু এপিডিচিএলৰ প্ৰতিনিধি সকলক সাক্ষাৎ কৰি সাধাৰণ ৰাইজৰ স্বাৰ্থত পূৰ্বৰ মামলা সমূহ নিষ্পত্তি কৰাৰ বাবে উৎসাহ যোগায় ৷ অংশ গ্ৰহণকাৰী সকলেও পূৰ্ণ সঁহাৰি জনাই জিলা ন্যায়িক আদালতৰ এনে কাৰ্যক উচ্চ প্ৰশংসা কৰে ৷ জানিব পৰা মতে, ডিফুৰ সমান্তৰালকৈ বোকাজান আদালততো লোক আদালত অনুষ্ঠিত হৈ যায় ৷

লগতে পঢ়ক : মন্ত্ৰী বিমল বৰাৰ 'পংগু সন্তান' মন্তব্যই আঘাট দিছে ৰাজ্যৰ দিব্যাংগ সমাজক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.