ডিফু,3 মাৰ্চঃ ডিফুত কাৰাবন্দী সকলৰ মাজত এক আইনী সাক্ষৰতা শিবিৰ আৰু আইন সহায়ক ক্লিনিকৰ ওপৰত এক সজাগতা অনুষ্ঠাণ অনুষ্ঠিত হয় ৷ অনুষ্ঠাণত জিলা সত্ৰ ন্যায়াধীশকে আদি কৰি কেইবাজনো অধিবক্তাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
![Legal Literacy Class among Inmates At Diphu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6283343_image-diphu.jpg)
উল্লেখ্য যে, ডিষ্ট্ৰিক্ট লীগেল ছাৰ্ভিছ অথ'ৰিটি চমুকৈ ডিএলএছএৰ উদ্যোগত আজি ডিফুৰ জিলা কাৰাগাৰত কাৰাবন্দী সকলৰ মাজত এক আইনী সাক্ষৰতা শিবিৰ আৰু আইন সহায়ক ক্লিনিকৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত হয় ৷ এই অনুষ্ঠাণত ডিএলএছএৰ অধ্যক্ষ তথা জিলা সত্ৰ ন্যায়াধীশ আব্দুল হেকিম, সচিব নেগিব আহমেদ, আইনী বিষয়া কৰ্মী আইন সহায়ক অধিবক্তাদ্বয় ক্ৰমে, উত্তম পাল আৰু জিতু পাল আৰু ডিএলএছএৰ কাৰ্যালয় সমন্বয়ক প্ৰিয়ঙ্কা শইকীয়া উক্ত শিৱিৰত উপস্থিত থাকে ৷ উপস্থিত হোৱা অধিবক্তা সকলে আইন সহায়ক ক্লিনিক দিব পৰা আইনী অধিকাৰ সন্দৰ্ভত বিস্তৃত বাখ্যা দাঙি ধৰে ৷ ডিএলএছএৰ এনে পদক্ষেপক সচেতন মহলে উচ্চ প্ৰশংসা কৰিছে ৷
লগতে পঢ়কঃ এ আই ইউ ডি এফৰ টিকট ল'লে সাত পুৰুষ বদনামী হ'ব:হিমন্ত