ETV Bharat / state

কাৰ্বি আংলঙত অজনজাতিৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Jun 28, 2022, 9:52 PM IST

‘‘নন ট্ৰাইবেল গ'বেক, কাৰ্বি আংলঙত চলিব কাৰ্বিগিৰি’’ শ্ল'গানেৰ কেএছএয়ে উত্তাল কৰিলে ডিফুৰ ৰাজপথ ৷ ডিফুত কেএছএৰ জোঁৰ সমদল (KSA protest in Karbi Anglong) ৷

KSA protest in Karbi Anglong
KSA protest in Karbi Anglong

ডিফু, ২৮ জুন : অজনজাতিক ভূমি পট্টা, ট্ৰেডিং লাইচেন্স প্ৰদানৰ বিৰুদ্ধে আৰু KAAC ভোটাৰ তালিকাৰ পৰা অজনজাতিৰ নাম প্ৰত্যাহাৰ কৰাৰ দাবীত গৰজি উঠিল কাৰ্বি ছাত্ৰ সন্থা (KSA protest against non tribal) ৷ মঙলবাৰে কাৰ্বি ছাত্ৰ সন্থা চমুকৈ কেএছএ (ইংলংফ') গোটে ডিফুৰ ৰংখেলানস্থিত মুখ্য কাৰ্যালয়ৰ পৰা সমগ্ৰ ডিফু চহৰত কেইবাশতাধিক সমৰ্থকক লগত লৈ জোঁৰ সমদল বাহিৰ কৰে ৷

কাৰ্বি আংলঙত অজনজাতিৰ বিৰুদ্ধে প্ৰতিবাদ

কেএছএৰ সভাপতি থানছিং তিমুং আৰু সাধাৰণ সম্পাদক বুদ্ধ তিমুঙৰ নেতৃত্বত উলিওৱা জোঁৰ সমদলত কেইবাশতাধিক সদস্যই কেএছএৰ পতাকা, বেনাৰ আদি লৈ নন ট্ৰাইবেল গ'বেক, নন ট্ৰাইবেল হায় হায়, কাৰ্বি আংলঙত চলিব কাৰ্বিগিৰি আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

কেএছএয়ে ৰাইজৰ মাজত ক্ৰমে ভাৰতীয় সংবিধান প্ৰদত্ত দাবী ২৪৪(ক) শীঘ্ৰে ৰূপায়ণ (Article 244 A in Karbi Anglong), অজনজাতি সকলক ট্ৰেডিং লাইচেন্স প্ৰদান নকৰা, অজনজাতি সকলক ভূমি পট্টা প্ৰদান নকৰা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা সকলো অজনজাতি ভোটাৰৰ নাম কৰ্তন কৰা আদি দাবী লৈ জোঁৰ সমদল বাহিৰ কৰে ৷

সংবাদমাধ্যমৰ আগত কেএছএৰ সভাপতি থানছিং তিমুঙে দাবী সমূহ সন্দৰ্ভত বাখ্যা আগবঢ়ায় ৷ বিজেপি নেতাসকলে পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে অজনজাতি সকলক কাৰ্বি আংলঙত ভূমি পট্টা দিয়া আৰু ট্ৰেডিং লাইচেন্স প্ৰদান কৰা সন্দৰ্ভত ভাষণ দিয়াৰ আগতে ষষ্ঠ অনুসূচীৰ বিষয়ে জনা নাছিল নেকি বুলি প্ৰশ্ন কৰে থানছিং তিমুঙে (KSA protest in Karbi Anglong) ৷

কাৰ্বি আংলঙত অজনজাতি সকলৰ ভূমি পট্টা প্ৰদান, ট্ৰেডিং লাইচেন্স প্ৰদান আদিৰ বিৰোধিতাৰে কেএছএই অবিৰতভাৱে আন্দোলন কৰি যাব বুলিও তেওঁ লগতে কয় ৷ কাৰ্বি ভূমিত উদ্বেগ ঘটা এই জনজাতি-অজনজাতিৰ বিভাজনকামী পৰিবেশে পৰৱৰ্তী সময়ত কি ৰূপ লয় সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : Maharashtra Political Crisis: অৱশেষত মুখ খুলিলে একনাথ সিন্দেই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.