ডিফু, 13 মে’ : বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত সমগ্ৰ ৰাজ্যবাসীয়ে শোক প্ৰকাশ কৰাৰ লেখীয়াকৈ বুধবাৰে কাৰ্বি আংলং জিলাৰ ডিফুতো মহীৰূহগৰাকীৰ মৃত্যুত এক শোকসভাৰ আয়োজন কৰা হয় ৷ ঐতিহ্যমণ্ডিত ডিফু ক্লাৱত কাৰ্বি আংলং জিলা কৰুণাধাৰা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই শোকসভা ৷
কৰুণাধাৰা সমিতিৰ সভাপতি নিখিল দাসৰ পৌৰহিত্যত অনুষ্ঠিত শোকসভাখনৰ আৰম্ভণিতে শুভাকাংক্ষীসকলে প্ৰয়াত হোমেন বৰগোহাঞিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলিৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইয়াৰোপৰি তেওঁৰ বিদেহী আত্মাৰ সদগতিৰ বাবে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ৷ জীৱিত কালত হোমেন বৰগোহাঞিৰ নিকট সান্নিধ্য লাভ কৰা ডিফুৰ বিশিষ্ট সাহিত্যিক তথা সাংবাদিক পৱিত্ৰ বৰাই স্মৃতি ৰোমন্থন কৰাৰ লগতে প্ৰয়াত সাহিত্যিকগৰাকীৰ শিশু সুলভ মধুৰ আচৰণ আৰু কঠোৰ জীৱন সংগ্ৰামৰ ওপৰত আলোকপাত কৰে ৷
ইয়াৰোপৰি সাংবাদিক পেঞ্চনাৰ নগেন বৰা, সাহিত্যক ভৱ প্ৰসাদ দেউৰীৰ লগতে কেইবাগৰাকী গণ্য-মান্য ব্যক্তিয়ে হোমেন বৰগোহাঞিৰ জীৱনজোৰা সাধনা আৰু অসমীয়া সাহিত্য জগতলৈ আগবঢ়াই যোৱা অৱদানৰ ওপৰত বিস্তৃত বাখ্যা দাঙি ধৰে ৷ কৰুণাধাৰা সমিতিৰ সাধাৰণ সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কয় যে, প্ৰয়াত হোমেন বৰগোহাইৰ কাৰ্বি আংলঙৰ সৈতে এক নিবিড় সম্পৰ্ক আছিল ৷ তেওঁ 30 বাৰকৈ কাৰ্বি আংলঙলৈ আহিছিল আৰু নৱ প্ৰজন্মক সাহিত্য সাধনাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাইছিল ৷
লগতে পঢ়ক : হোমেন বৰগোহাঞিৰ মৃত্যুত বিহালী প্ৰেছ ক্লাৱৰ শোক প্ৰকাশ