ETV Bharat / state

কাৰ্বি আংলঙৰ খটখটীত জব্দ প্ৰায় 30 লক্ষ্যাধিক মূল্যৰ গাঞ্জা - 400 Kg Ganja recoverd

দেওবাৰে বোকাজানৰ খটখটী আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ গাঞ্জা ৷ এখন ট্ৰাকৰ পৰা গাঞ্জাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় খটখটী আৰক্ষীয়ে ৷ অৱশ্যে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰিবলৈ সক্ষম হয় ৷

Breaking News
author img

By

Published : Aug 30, 2020, 8:50 PM IST

ডিফু, 30 আগষ্ট : কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ খটখটীত দেওবাৰে প্ৰায় 30 লক্ষ্যাধিক টকাৰ গাঞ্জা জব্দ হোৱা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কাৰণ দুই-এদিন পূৰ্বে মাঞ্জা আৰক্ষীয়ে প্ৰায় 5 কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ সহ এজন লোকক গ্ৰেপ্তাৰৰ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু সেই ঘটনাৰ মাৰ নৌযাওঁতেই দেওবাৰে খটখটীত আৰক্ষীয়ে পুনৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

খটখটী আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ গাঞ্জা

প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে বোকাজানৰ খটখটী আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ গাঞ্জা । বোকাজানৰ খটখটী থানা আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হয় প্ৰায় 400 কেজি গাঞ্জা । যাৰ বজাৰ মূল্য প্ৰায় 30 লক্ষ্যাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে ৷ অভিযানকাৰী দলটোৱে খটখটীৰ বিনোদ ছাৰ্ভিচিং চেণ্টাৰত ৰখাই থোৱা অৱস্থাত এখন ট্ৰাকৰ পৰা গাঞ্জাখিনি উদ্ধাৰ কৰে যদিও ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন পলাই যাবলৈ সক্ষম হয় । জানিব পৰা মতে চালক হেণ্ডিমেনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে চাওক-যান্ত্ৰিকতাৰ কোলাহলত অতিষ্ট হৈছে নেকি ? আহক এইখন গাঁৱলৈ..

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.