ডিফু, 8 নৱেম্বৰঃ প্ৰাক্তন মন্ত্ৰী খৰছিং ইংতিক কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰূপে নিযুক্তি দিয়া হৈছে ৷ ভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সচিব কেচি বেণু গোপালে ৭ নৱেম্বৰত এক বিবৃতি যোগে এই সিদ্ধান্তৰ কথা সদৰি কৰে ৷
বিগত নিৰ্বাচন সমূহত পাহাৰীয়া জিলা কাৰ্বি আংলঙত কংগ্ৰেছৰ বিফলতাৰ পিছত প্ৰথমবাৰৰ বাবে জিলা কংগ্ৰেছৰ শীৰ্ষ পদত সাল সলনি কৰিছে অখিল ভাৰতীয় কংগ্ৰেছ কমিটিয়ে ৷ জিলা কংগ্ৰেছৰ সভাপতি আসনত নিযুক্তি লাভ কৰিছে প্ৰাক্তন পাৰ্বত্য উন্নয়ণ মন্ত্ৰী তথা হাওৰাঘাটৰ প্ৰাক্তন বিধায়ক খৰছিং ইংতি আৰু কাৰ্যকৰী সভাপতি ৰূপে নিযুক্তি পাইছে কাৰ্বি স্বায়ত্ত পৰিষদৰ প্ৰাক্তন ইএম অশোক টেৰণে ৷ অখিল ভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সচিব কেচি বেণু গোপালে ৭ নৱেম্বৰত এক বিবৃতি যোগে এই সিদ্ধান্তৰ কথা সদৰি কৰে ৷ উল্লেখযোগ্য যে, প্ৰাক্তন তথা বয়োজ্যেষ্ঠ সাংসদ বীৰেণ ছিং ইংতিৰ সভাপতি পদকলৈ একাংশ কৰ্মীৰ মাজত অসন্তুষ্টি সৃষ্টি হোৱাৰ পিছত নতুনকৈ সভাপতি হিচাপে নিযুক্তি দিয়া হয় খৰছিং ইংতিক ৷