চামগুৰি,১৪ অক্টোবৰ : নগাঁও জিলাৰ সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ পাৰ্কুপ লাংটুক লেক্ থে খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় 'কাৰ্বি যুৱ মহোৎসৱ' (Karbi Youth Festival) । বৃহস্পতিবাৰে এই ২৯ সংখ্যক 'কাৰ্বি যুৱ মহোৎসৱ'ৰ সামৰণি পৰে ৷ পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা বৰ্ণাঢ্য কাৰ্যসূচীত কাৰ্বি যুৱক-যুৱতীসকলে কাৰ্বি নৃত্য-গীতৰ লগতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
![Karbi Youth Festival](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13355999_3x2_kar_03.jpg)
কাৰ্বি কলা-সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যে কাৰ্বি যুৱক-যুৱতীসকলৰ মাজত উদ্যোক্তাসকলে বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰে । ইফালে সম্পূৰ্ণ ক'ভিড বিধি (Covid protocol) পালন কৰি আয়োজন কৰা হয় এই মহোৎসৱৰ । মহোৎসৱৰ সামৰণি অনুষ্ঠানত হাওৰাঘাট সমষ্টিৰ বিধায়ক দ’ৰচিং ৰংহাং, কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা কাছে ৰংপি, কাৰ্বি যুৱ প্ৰজন্মৰ জনপ্ৰিয় কবি, সাহিত্যিক অন টেৰনসহ বহু কেইজন গণ্যমান্য লোক উপস্থিত থাকে ৷
![Karbi Youth Festival](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13355999_3x2_kar_02.jpg)
অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে । অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলে মহোৎসৱৰ উদ্দেশ্য আৰু ইয়াৰ প্ৰয়োজনীতা সন্দৰ্ভত ভাষণ প্ৰদান কৰে ।
লগতে পঢ়ক:মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে বৰপেটাত ব্যাপক আয়োজন