ETV Bharat / state

কৃতী শিক্ষাৰ্থীক কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ সম্বৰ্ধনা

তেৰ গৰাকী ছাত্ৰ-ছাত্ৰীক 50 হাজাৰ টকা নগদ ধন আৰু মানপত্ৰৰে সম্বৰ্ধনা ৷

author img

By

Published : May 17, 2019, 7:26 PM IST

কৃতী শিক্ষাৰ্থীক কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ সম্বৰ্ধনা

ডিফু, 17 মে' : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাৰ্বি আংলঙৰ পৰা কৃতিত্ব সহকাৰে 90 শতাংশৰ পৰা আৰম্ভ কৰি ততোধিক নম্বৰ লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী ছাত্ৰ- ছাত্ৰী সকলক শুকুৰবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নৱনিৰ্মিত সচিবালয়ত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডিফু লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী হৰেণচিং বে' কেইবাগৰাকীও ই এম, এম এচি প্ৰধান সচিব আৰু অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ৷ জিলাখনলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব কঢ়িয়াই অনা মুঠ 13 গৰাকী ছাত্ৰ-ছাত্ৰীক 50 হাজাৰ টকা নগদ ধন আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ছাত্ৰ- ছাত্ৰী সকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰা ঈৰ্ষণীয় ফলাফলৰ বাবে উৎফুল্লিত হৈ ঘোষণা কৰে যে, যদিহে কৃতিত্ব লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলে বুজাবুজি চুক্তিৰ জৰিয়তে চিকিৎসক হোৱাৰ পিছত কাৰ্বি আংলং জিলাতে সেৱা আগবঢ়াই তেনেহ’লে চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকৰ পঢ়াৰ যাৱতীয় খৰচ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে বহন কৰিব ৷ আনহাতে, শিক্ষাৰ মানদণ্ড অৰ্দ্ধনমিত হোৱা চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহৰ শিক্ষাগত দিশটোৰ উন্নত কৰাৰ বাবে পৰিষদে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস দিয়ে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

কৃতী শিক্ষাৰ্থীক কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ সম্বৰ্ধনা

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে সম্বৰ্ধনা জনোৱা ছাত্ৰ - ছাত্ৰী সকল ক্ৰমে, ডিফু ডনবস্ক' হাইস্কুলৰ আশিকা দাস, খেৰণিৰ জ্যোতি ফুৰা, ডিফু বদন মেম'ৰিয়েল হাইস্কুলৰ ছানিয়া ছিং, বোকাজান বিদ্যাসাগৰ হাইস্কুলৰ বৰ্ণাধ্য গগৈ, ক্ৰমে, ডিফু মাউণ্ট কালভাৰীৰ নফিচা তাছমিন লষ্কৰ, আৰু সুপ্ৰিতী বৰা, বোকাজান বিদ্যাসাগৰ হাইস্কুলৰ ৰমা ভাৰৱা, ডিফু মাউণ্ট কালভাৰী স্কুলৰ মৃণ্ময় ডেকা বৰুৱা, ডিফু মাউণ্ট কালভাৰীৰ তৃপ্তী পাল, হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰণামী শইকীয়া, বোকাজান প্ৰণব বিদ্যাপীঠৰ নিতুপৰ্ণ ভট্টাচাৰ্য, হাওৰাঘাট শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মানৱী দেবনাথৰ, ময়ুৰজ্যোতি নাথ ৷ ইয়াৰোপৰি ডিফুৰ তিনি সাংবাদিক সন্তানকো কৃতিত্ব অৰ্জন কৰাৰ বাবে পৰিষদে সম্বৰ্ধনা জনায় ৷ তেওঁলোক ক্ৰমে, সন্দিপন সাৰংগ, প্ৰতীক্ষা বৰা আৰু মেলিম ছিংনাৰ ৷

Intro:হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০ শতাংশ আৰু অধিক নম্বৰলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ উষ্ম সম্বৰ্ধনা ৷
---------------------------------------- কৃতীত্ব সহকাৰে উত্তীৰ্ণ হোৱা সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ লক্ষ্য চিকিৎসক হোৱাৰ ৷

ডিফু,১৭ মে': - সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাহাৰীয়া জিলা কাৰবি আংলঙৰ পৰা কৃতীত্ব সহকাৰে ৯০ শতাংশৰ পৰা আৰম্ভ কৰি তাতোধিক নম্বৰ লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী ছাত্ৰ- ছাত্ৰী সকলক আজি কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নৱনিৰ্মিত সচিবালয়ত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, ডিফু লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী হৰেণচিং বে' কেইবাগৰাকী ইএম, এমএচি প্ৰধান সচিব আৰু গণ্যমান্য ব্যক্তি অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ৷ জিলা খনলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতীত্ব কঢ়িয়াই অনা মুঠ ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীক কাৰবি পহ', ৫০ হাজাৰ টকা নগদ ধন আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷ আনহাতে জিলাখনৰ ডিফুৰ দুই সাংবাদিক কণ্যা ক্ৰমে কাংবুৰা চিংনাৰৰ কণ্যা মেলিম চিংনাৰপী আৰু দেবজ্যোতি বৰাৰ কণ্যা কামিৰ প্ৰতিক্ষা বৰাকো সম্বৰ্ধনা জনোৱাৰ লগতে পহ' নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰে ৷সম্বৰ্ধনা কালত সম্বৰ্ধিত সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নিজকে ভৱিষ্যতলৈ একোগৰাকী সুচিকিৎসক হোৱাৰ সপোন দেখিছে ৷ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ছাত্ৰ- ছাত্ৰী সকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰা ঈৰ্শণীয় ফলাফলৰ বাবে উৎফুল্লিত হৈ সাংবাদিক সকলৰ আগত ঘোষণা কৰি কয় যে, যদিহে কৃতিত্ব লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলে বুজাবুজি চুক্তিৰ জৰিয়তে চিকিৎসক হোৱাৰ পিছত কাৰবি আংলং জিলাতে সেৱা আগবঢ়ায় তেনেহলে চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকে পঢ়াৰ যাবতীয় খৰছ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে বহন কৰিব ৷ আনহাতে শিক্ষাৰ মানদণ্ড অধ:নমিত হোৱা চৰকাৰী মাধ্যমৰ বিদ্যালয় সমূহৰ শিক্ষাগত দিশটোৰ উন্নত কৰাৰ বাবে পৰিষদে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বস দিয়ে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ আজি কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে সম্বৰ্ধনা জনোৱা ছাত্ৰ- ছাত্ৰী সকল ক্ৰমে, ডিফু ডনবস্ক' হাই স্কুলৰ আশিকা দাস, ৯৫' ৬৭ %, খেৰণিৰ জ্যোতি ফুৰা, ৯৪'০২%, ডিফু বদন মেম'ৰিয়েল হাইস্কুলৰ ছানিয়া ছিং ৯৩'৩৩%, , বোকাজান বিদ্যাসাগৰ হাইস্কুলৰ বৰ্ণাধ্য গগৈ ৯৩'০৫%, ক্ৰমে, ডিফু মাউণ্ট কালভাৰীৰ নফিচা তাছমিন লষ্কৰ ৯৩'০২%, আৰু সুপ্ৰিতী বৰা ৯২'০৩%, বোকাজান বিদ্যাসাগৰ হাইস্কুলৰ ৰমা ভাৰৱা, ৯২ % , ডিফু মাউণ্ট কালভাৰী স্কুলৰ মৃণ্ময় ডেকা বৰুৱা ৯১'০৮ শতাংশ, ডিফু মাউণ্ট কালভাৰীৰ তৃপ্তী পাল ৯১'০৫ % , হাওৰাঘাট শংকৰদেব বিদ্যা নিকেতনৰ প্ৰণামী শইকীয়া ৯০' ০৫% , বোকাজান প্ৰণব বিদ্যাপীঠৰ নিতুপৰ্ণ ভট্টাচাৰ্য ৯০'০৫ % , ক্ৰমে, হাওৰাঘাট শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মানৱী দেবনাথৰ ৯০ % , ময়ুৰজ্যোতি নাথ ৯০ শতাংশ ৷ ইয়াৰোপৰি ডিফুৰ তিনি সাংবাদিক সন্তানকো কৃতিত্ব অৰ্জন কৰাৰ বাবে পৰিষদে সম্বৰ্ধনা জনায় ৷ তিনি গৰাকী ক্ৰমে, সাংবাদিক সঞ্জু বৰাৰ পুত্ৰ সন্দিপন সাৰংগ ৷ সাৰংগই সদ্যঘোষিত চিবিএছই উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত গুৱাহাটীৰ এনআৰএছ ইণ্টাৰনেছনেল স্কুলৰ পৰা ৯৮'০৫ শতাংশ নম্বৰ লাভ কৰি ডিফুলৈ গৌৰব কঢ়িয়াই অনাৰ বিপৰীতে সাংবাদিক কণ্যা দেবজ্যোতি বৰাৰ কণ্যা কামিৰ প্ৰতিক্ষা বৰাই ডিফু ডনবস্ক' হাইস্কুলৰ পৰা ৮৯'৮৩ আৰু একে বিদ্যালয়ৰ পৰা কাংবুৰা ছিংনাৰৰ কণ্যা মেলিম ছিংনাৰপী হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৯ শতাংশ নম্বৰ লাভ কৰি ডিফুৰ লগতে সংবাদ মহলৰ বাবেও গৌৰবৰ থল হৈ পৰে ৷

ছাইদুল ইছলাম, ডিফুBody:***************************************Conclusion:***************************************
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.