ETV Bharat / state

পাহাৰৰ পৰা ভৈয়ামলৈ বান সাহাৰ্য ! - কাৰ্বি আংলং

ভৈয়ামৰ জনতালৈ সহায়ৰ হাতত আগবঢ়ালে পাহাৰৰ জনতাই ৷ মুখ্যমন্ত্ৰীৰ বান সাহায্য পূঁজিলৈ কাৰ্বি-আংলং স্বায়ত্ত শাসিত পৰিষদ 6 লাখ 81 হাজাৰ টকাৰ চেক প্ৰদান ৷ ডিফুৰ নাগৰিক সমাজেও আগবঢ়ালে 2 লাখ টকাৰ সাহাৰ্য ৷

পাহাৰৰ পৰা ভৈয়ামলৈ বান সাহাৰ্য !
author img

By

Published : Aug 1, 2019, 8:46 PM IST

ডিফু, 1 আগষ্ট : ৰাজ্যৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত সকললৈ সহায়ৰ হাত কাৰ্বি আংলঙৰ জনতাৰ ৷ বৃহস্পতিবাৰে কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদ, বৈঠালাংচ'ৰ বিধায়ক ডা : মানছিং ৰংপি আৰু ডিফুৰ বিভিন্ন সামাজিক সংগঠনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত চেক প্ৰদান কৰে ৷ কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত যোৱা এটা সজাতি দলে মুখ্যমন্ত্ৰীৰ হাতত ৬,81,১০৮ টকাৰ এখন চেক প্ৰদান কৰে ৷ দলটোত তুলিৰাম ৰংহাঙৰ সৈতে সংগ দিয়ে মন্ত্ৰী চুম ৰংহাং, বিধায়ক জয়ৰাম ইংলেং, কাৰ্যবাহী সদস্য লুংছিং টেৰণৰ লগতে আনকেইবাজনো নেতাই ৷ আনহাতে , কাৰ্বি আংলং মহিলা সমিতি, তাই সাংস্কৃতিক সমাজ , ডিফু কলা কেন্দ্ৰৰ লগতে অনান্য কেইবাটাও সংগঠনৰ উদ্যোগত বানাক্ৰান্ত সকলৰ বাবে সংগ্ৰহ কৰা 2 লাখ টকাৰ ধনো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত প্ৰদান কৰা হয় ৷ মুখ্যমন্ত্ৰীৰ হাতত ডিফুৰ নাগৰিক সমাজৰ হৈ মুকুল চন্দ্ৰ বৰুৱা , প্ৰাক্তন বিধায়ক বিদ্যাসিং ইংলেং , দিলীপ কুমাৰ দাস, ধনী কলিতা, সঞ্জু বৰা আৰু দীন গগৈয়ে এই ধন প্ৰদান কৰে ৷

Etv Bharat
পাহাৰৰ পৰা ভৈয়ামলৈ বান সাহাৰ্য !

উল্লেখ্য যে, পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী চমু ৰংহাঙে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ হাতত নিজৰ এমাহৰ দৰমহা প্ৰদান কৰিছে ৷ ধন গ্ৰহণৰ পাচতেই পাহাৰৰ জনতাক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধন্যবাদ জ্ঞাপন কৰে ৷

Intro:

মুখ্য মন্ত্ৰীৰ বান সাহায্য পূঁজীলৈ কাৰবি আংলং স্বায়ত্ব শাসিত পৰিষদে ৬ লাখ ৮১ হাজাৰ , ডিফুৰ নাগৰিক সমাজে দিলে ২ লাখ টকা
__________________________ গণবাৰ্তা বিশেষ: ডিফু : ১আগষ্ট : ৰাজ্যৰ প্ৰলয়ংকৰী বানত আক্ৰান্ত জনতালৈ সহায়ৰ হাত আগবঢ়াইছে কাৰবি আংলঙৰ জনতাই ৷ আজি কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদ , ডিফুৰ বিভিন্ন সামাজিক সংগঠন আৰু বৈঠালাংচ’ৰ বিধায়ক ডা : মানছিং ৰংপিয়ে মুখ্যমন্ত্ৰীৰ হাতত বান সাহায্যৰ চেক প্ৰদান কৰে ৷ কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ হৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত মন্ত্ৰী চুম ৰংহাং , বিধায়ক জয়ৰাম ইংলেং , কাৰ্যবাহী সদস্য লুংছিং টেৰণ , এম এ চি মুকুত মহন্ত , প্ৰভাত চন্দ্ৰ তাৰু আৰু মহেশ চন্দ্ৰ চৌহান সহ এটা দলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত ৬ লাখ , ৮১ হাজাৰ , ১০৮ টকাৰ চেক প্ৰদান কৰে ৷ কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ সদস্য সকলৰ এমাহৰ দৰমহাৰ ধন আজি মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ নেতৃত্বত যোৱা দলটোৱে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে ৷ ডিফু ক্লাৱৰ সৌজন্যত ডিফুৰ সামাজিক সংগঠন কাৰবি আংলং জিলা মহিলা সমিতি , সদৌ ডিফু নামঘৰ সমন্বয়ৰক্ষী সমিতি , তাই সাংস্কৃতিক সমাজ , ডিফু
কলা কেন্দ্ৰ , বাৰোৱাৰী পূজা মন্দিৰ , লেখিকা সমাৰোহ সমিতি , মেজাংকৰী ,ডিফু সাহিত্য সভা, কেন্দ্ৰীয় বিহু সমিতি , সেউজ আদি সংগঠনে ৰাইজৰ সহযোগত ডিফু নগৰত সংগ্ৰহ কৰে ২ লাখ টকা ৷ এই ধন আজি মুখ্যমন্ত্ৰীৰ হাতত অসম সচিবালয়ত ডিফুৰ নাগৰিক সমাজৰ হৈ মুকুল চন্দ্ৰ বৰুৱা , প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেং , দিলীপ কুমাৰ দাস , ধনী কলিতা , সঞ্জু বৰা আৰু দীন গগৈয়ে প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰীক এই ধন প্ৰদান কৰাৰ সময়ত পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুম ৰংহাং , কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বিধায়ক জয়ৰাম ইংলেঙো উপস্থিত থাকে ৷ উল্লেখ্য যে পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুম ৰংহাঙে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ হাতত তেওঁৰ নিজৰ এমাহৰ দৰমহা ১লাখ ৪০ হাজাৰ টকা প্ৰদান কৰিছিল ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাহাৰৰ জনতাই ভৈয়ামৰ বান বিধস্ত জনতাক কৰা সহায়ৰ বাবে পাহাৰৰ জনতাক শলাগ জ্ঞাপন কৰে ৷
Body:**********Conclusion:**********-
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.