ডিফু,22 ফেব্রুৱাৰীঃ কেইদিনমান পূৰ্বে প্ৰাদেশিকৰণ হোৱা কার্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বিদ্যালয়সমূহত টিউটৰ হিচাপে নিযুক্তি লাভ কৰা শিক্ষকসকলক সোমবাৰে নিযুক্তিপত্ৰ প্ৰদান কৰে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ ভাষণ প্ৰসংগত সদস্য গৰাকীয়ে কয়, বিটিআৰৰ আৰ্হিত প্রাদেশিকীকৰণ কৰা হ'ব কার্বি আংলঙৰ সকলাে বিদ্যালয় ৷ প্রাদেশিকীকৰণ প্রক্রিয়াৰ অন্তর্ভুক্ত নােহােৱা সকলাে বিদ্যালয়কে প্রাদেশিকীকৰণৰ ব্যৱস্থা কৰা হ'ব ৷ এইক্ষেত্রত অসম চৰকাৰৰ শিক্ষামন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মায়াে সহমত প্রকাশ কৰিছে বুলি উল্লেখ কৰে সদস্য গৰাকীয়ে ৷
![বিটিআৰৰ আৰ্হিত প্রাদেশিকীকৰণ হ'ব কার্বি আংলঙৰ সকলাে বিদ্যালয়: তুলিৰাম ৰংহাং](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as1035diphu2202021appointmentletterdistributionamontutor_22022021160247_2202f_1613989967_1032.jpg)
উল্লেখ্য যে, শেহতীয়াকৈ কার্বি আংলং স্বায়ত্বশাসিত পৰিষদ এলেকাৰ অধীনত 29 খন মাধ্যমিক বিদ্যালয় আৰু 11 খন প্ৰাথমিক বিদ্য়ালয় প্রাদেশিকীকৰণ কৰা হৈছে। ইয়াৰে 29খন মাধ্যমিক বিদ্যালয়ৰ বিপৰীতে 71 গৰাকী শিক্ষকে টিউটৰ হিচাপে নিযুক্তি পত্র লাভ কৰাৰ বিপৰীতে 11খন প্ৰাথমিক বিদ্য়ালয়ৰ 17 গৰাকী শিক্ষকে টিউটৰ হিচাপে নিযুক্তি লাভ কৰিছে। কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সচিবালয়ত অনুষ্ঠিত হােবা নিযুক্তিপত্র বিতৰণ অনুষ্ঠানত পৰিষদ কেইবাগৰাকী কার্যবাহী সদস্য,পৰিষদীয় সদস্য উপস্থিত থাকি বিনা বেতনে দীর্ঘকাল ধৰি ছাত্র-ছাত্রীক শিক্ষাদান কৰি সমাজৰ প্রতি গুৰুত্বপূর্ণ অৱদান আগবঢ়াই অহাৰ বাবে শিক্ষকসকলক ধন্যবাদ জনায়।
লগতে পঢ়ক: গৌৰৱ নে আন কোনোবা : তিতাবৰত তৰুণ গগৈৰ উত্তৰসূৰী হ'ব কোন !