ডিফু, 10 মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ বাবে ডিফুত SVEEP ৰ উদ্যোগত ভোটাৰৰ সজাগতা সভা ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি ভোটাৰ সকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে SVEEP কোষৰ সহায়ক বিষয়া অতুল কলিতাৰ নেতৃত্বত অনুস্থিত কৰা হয় এই সজাগতা সভা ৷
19 নং ডিফু আৰু 18 হাওৰাঘাট বিধান সভা সমষ্টিৰ বিভিন্ন ঠাইত নতুন ভোটাৰ, মহিলা ভোটাৰৰ লগতে 40 ৰ উৰ্ধৰ ভোটাৰৰ মাজত সজাগতা প্ৰদান কৰা হয় ৷ SVEEP কোষৰ সহায়ক বিষয়া অতুল কলিতাই সকলোকে আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷