ETV Bharat / state

Audio clip Viral News: ৰাজ্যজুৰি খলকনিৰ সৃষ্টি কৰা ভাইৰেল অডিঅ’ৰ তদন্তৰ বাবে ডিফু থানাত গোচৰ ৰুজু আৰক্ষী অধীক্ষকৰ

author img

By

Published : Jul 22, 2023, 10:12 AM IST

Updated : Jul 22, 2023, 10:20 AM IST

সামাজিক মাধ্যমত বিয়পি পৰা কথোপকথনৰ এটা অডিঅ’ই ৰাজ্যত ধুমুহাৰ সৃষ্টি কৰিছে ৷ এই অডিঅ’টোৰ সন্দৰ্ভত তদন্তৰ বাবে ডিফু থানাত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ইতিমধ্যে এক গোচৰ ৰুজু কৰিছে ৷

Karbi Anglong SP Press Meet on Viral Audio
কথোপকথনৰ এটা অডিঅ’ই ৰাজ্যত ধুমুহাৰ সৃষ্টি কৰিছে

ডিফু থানাত গোচৰ ৰুজু আৰক্ষী অধীক্ষকৰ

ডিফু, 22 জুলাই : সামাজিক মাধ্যমত তথা বিভিন্ন সংবাদ মাধ্যমত বিয়পি পৰা কথোপকথনৰ এটা অডিঅ’ই ৰাজ্যত ধুমুহাৰ সৃষ্টি কৰিছে ৷ দুজন ব্যক্তিৰ মাজত হোৱা কথোপকথনৰ এই অডিঅ’ই এতিয়া ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ শীৰ্ষ মহলতো ধুমুহাৰ সৃষ্টি কৰিছে ৷ এই অডিঅ’টোত দুজন ব্যক্তিৰ কথোপথনত ৰাজ্যৰ কিছু জ্যেষ্ঠ ৰাজনৈতিক নেতা, কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক আৰু গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ নাম উল্লেখ কৰা হৈছে ৷

কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকক 12 লাখ টকা দিয়াৰ কথা কোৱা হৈছে অডিঅ’টোত ৷ এই অডিঅ’টোৰ বিৰুদ্ধে ডিফু থানাত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ইতিমধ্যে এক গোচৰ ৰুজু কৰিছে ৷ ডিফু থানাৰ 79/2023 নং গোচৰত ভাৰতীয় দণ্ডবিধি আইনৰ 120বি/420/500/512 আৰু আৰ ডাব্লিউ চেকচন 67 আই টি এফ ধাৰাত ৰুজু হৈছে এই গোচৰ ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত তদন্ত কৰি দোষীক শাস্তি দিয়া হ’ব বুলি কয় ৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, অডিঅ’টো পৰীক্ষা নকৰাকৈ তেওঁ আন কথা নকয় ৷ তদন্তত এইটো কাৰ ষড়যন্ত্ৰ সেয়া স্পষ্ট হ’ব বুলি তেওঁ কয় ৷ গোচৰটোত কাৰো নাম উল্লেখ কৰা নাই বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, সামাজিক মাধ্যমত এটা অডিঅ’ বিয়পি পৰা পৰিলক্ষিত হৈছে ৷ এই অডিঅ’ত গোলাঘাট, কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষককে ধৰি আন কাৰোবাক টকা দিয়াৰ কথা কোৱা হৈছে ৷ দুজন ব্যক্তিৰ কথোপকথনৰ এই অডিঅ’ত ৰাজ্যৰ কিছু জ্যেষ্ঠ ৰাজনৈতিক নেতাৰ নাম লোৱা হৈছে বুলি উল্লেখ কৰে আৰক্ষী বিষয়াজনে ৷ গতিকে এইয়া এক ষড়যন্ত্ৰ কৰাৰ সন্দেহ হৈছে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকজনে ৷ লগতে এই ষড়যন্ত্ৰ উদঘাটন কৰিবলৈ এটা গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকজনে ৷

এই গোচৰ ডিফু আৰক্ষী থানাত ৰুজু কৰা হৈছে বুলি জানিবলৈ দি বিষয়াজনে পৰৱৰ্তী সময়ত গোচৰৰ তদন্তৰ অগ্ৰগতিৰ বিষয়ে জনোৱা হ’ব বুলি মন্তব্য কৰে ৷ গোচৰত কোনো ব্যক্তিৰ নাম উল্লেখ কৰা নাই বুলি কৈ তেওঁ কয় যে, এই ষড়যন্ত্ৰত কোন জড়িত আছে সেইয়া নিশ্চিত হোৱাৰ পাছতহে জনাব পৰা যাব ৷ অডিঅ’টো নিশ্চিত কৰিব লাগিব আৰু ইয়াৰ বাবে বিজ্ঞানসন্মত প্ৰক্ৰিয়া আছে ৷ ইয়াৰ বাবে সোধপোচ কৰিব লাগিব, ইয়াৰ পাছতহে সঠিকভাৱে সবিশেষ জনাব পৰা যাব বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক : Bhabesh Kalita on Manipur Incident: মণিপুৰৰ ঘটনা সমগ্ৰ মানৱ জাতিৰ বাবে লজ্জাজনক; ভৱেশ কলিতা

Last Updated : Jul 22, 2023, 10:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.