ডিফু, ২৯ নৱেম্বৰ : ড্ৰাগছ সৰবৰাহকাৰীৰ আন এক নতুন কৌশল ৷ এইবাৰ দুগৰাকী মহিলাই অন্তৰ্বাসত লুকুৱাই আনিলে ড্ৰাগছ ৷ দুয়োগৰাকী মহিলাৰ অন্তৰ্বাসৰ পৰা দুই কোটিৰো অধিক টকাৰ নিষিদ্ধ হেৰ’ইন (Heroin seized in Diphu) ৷ এই ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাত ৷ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অহৰহ চলাই থকা অভিযানৰ মাজতে লাভ কৰিছে এই সফলতা ৷
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, এক গোপন সূত্ৰৰ আধাৰত বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসে বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক দুগৰাকী মহিলাই অন্তৰ্বাসত লুকুৱাই এখন বাছত আহি থকাৰ খবৰ দিয়ে ৷ খবৰ লাভ কৰি তৎক্ষণাত বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি বৰা, উপ-পৰিদৰ্শক মৃদুল ৰুদ্ৰ পাল, এ পি আৰ জি ষ্টাফ আৰু চিআৰপিএফৰ সহায়ত বোকাজানৰ খকৰাজানাত নাকা তালাচী চলায় ৷
লগতে পঢ়ক : Drugs Seized :বোকাজানত প্ৰায় 12 কোটি টকাৰ হেৰ’ইন জব্দ
আৰক্ষীৰ নাকা তালাচীত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs seized in Barpathar police operation) ৷ AS 12 AC 3477 নম্বৰৰ ডিমাপুৰ গোলাঘাট অভিমুখী DK নামৰ বাছ খনৰ পৰা 330 গ্ৰাম পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ৷ ড্ৰাগছ খিনি ২৫ টাকৈ চাবোনৰ বাকচত ভৰাই অতি কৌশলগতভাৱে অন্তৰ্বাসৰ ভিতৰত ভিতৰত লুকুৱাই আনিছিল দুগৰাকী মহিলাই ৷
সমগ্ৰ ৰাজ্যত নৱ প্ৰজন্মক পংগু কৰিবলৈ ধৰা বৰবিহ সদৃশ ড্ৰাগছৰ গ্ৰাসৰ পৰা নৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ড্ৰাগছৰ বিৰুদ্ধে জিহাদ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীয়ে আৰম্ভ কৰিছিল ড্ৰাগছ বিৰোধী অভিযান(Anti drugs operation by Assam Police) ৷ এই অভিযান সমূহত ইটোৰ পিছত সিটো সফলতা লাভ কৰা পৰিলক্ষিত হৈছে অসম আৰক্ষীয়ে ৷
লগতে পঢ়ক : Psychotropic Drugs Seized : ৰাজ্যত পুনৰ নিচাযুক্ত সামগ্ৰী জব্দ
ইয়াৰ পিচতো কিন্তু পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সীমান্তঞ্চলত আৰক্ষী-ড্ৰাগছ মাফিয়াৰ মাজত সাপ-নেউলৰ যুঁজখন অব্যাহত আছে ৷ ড্ৰাগছ সৰবৰাহকাৰী সকলে জিলাখনৰ সীমান্ত পথক নিৰাপদ ক'ৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও আৰক্ষীয়ে সৰবৰাহকাৰীৰ প্ৰতিটো কৌশল দক্ষতাৰে ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে (Anti drugs operation in Karbi Anglong border) ৷
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে দুয়োগৰাকী মহিলাক ৷ ধৃত মহিলা দুগৰাকী হৈছে নিহা পাদুন আৰু দীন নৰহ ৷ মহিলা দুগৰাকীৰ ঘৰ ধেমাজিত বুলি জানিব পৰা গৈছে ৷ বৰ্তমান মহিলা দুগৰাকীক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : অস্ত্ৰসহ বোকাজান আৰক্ষীৰ জালত মহিলা