ETV Bharat / state

Karbi Anglong Kisan Workers Meet: কাৰ্বি আংলং কিষাণ শ্রমিক সভাৰ ৫ম কেন্দ্ৰীয় সন্মিলন - কাৰ্বি আংলং কিষাণ শ্রমিক সভাৰ ৫ম কেন্দ্ৰীয় সন্মিলন

ডিফুস্থিত কিষাণ ভৱন আৰু শ্বহীদ কমৰেড লাংটুক ফাংচু সভাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় কার্বিআংলং কিষাণ শ্রমিক সভাৰ ৫ম কেন্দ্ৰীয় সন্মিলন । বিজেপি শাসনাধিষ্ঠ স্বায়ত্ব শাসিত পৰিষদখনে কাৰ্বি আংলঙৰ কৃষি আৰু শ্ৰমজীৱি কাৰ্বি ৰাইজকে ধৰি দৰিদ্ৰ ৰাইজৰ জীৱন আৰু জীৱিকাৰ সমস্যা সমাধানত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱাৰ প্ৰসংগ উল্লেখ কৰে সন্মিলনত(Karbi Anglong Kisan Workers Meet 5th Central Conference ) ।

Karbi Anglong Kisan Workers Meet 5th Central Conference
কাৰ্বি আংলং কিষাণ শ্রমিক সভাৰ ৫ম কেন্দ্ৰীয় সন্মিলন
author img

By

Published : May 9, 2023, 10:09 PM IST

ডিফু,৯ মে': ৮ আৰু ৯ মে' তাৰিখে ডিফুস্থিত কিষাণ ভৱন আৰু শ্বহীদ কমৰেড লাংটুক ফাংচু সভাগৃহত অনুষ্ঠিত হয় কার্বিআংলং কিষাণ শ্রমিক সভাৰ ৫ম কেন্দ্ৰীয় সন্মিলন (Karbi Anglong Kisan Workers Meet 5th Central Conference ) । লংকি ফাংচু, যগো হানচেপি আৰু বিক্ৰম তেৰাঙৰ সভাপতিত্বত পৰিচালনা হোৱা সন্মিলনখনি উদ্বোধন কৰে চি পি আই(এম এল) লিবাৰেচন দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য তথা পাৰ্বত্য জিলা সমিতিৰ সম্পাদক ৰবি কুমাৰ ফাংচুয়ে ।

সন্মিলনৰ উদ্বোধনৰ আগে ৰাজ্যখনৰ লগতে কাকিচকে ধৰি মণিপুৰত ইতিমধ্যে যি সকলৰ মৃত্যু হৈছে তেওঁলোকৰ স্মৃতিত দুই মিনিট সময় মৌন শোক পালন কৰে । সন্মিলত সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য তথা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কেন্দ্ৰীয় পর্যবেক্ষক অংশগ্ৰহণ কৰাৰ লগতে কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চুমি তিমুং, বিপ্লৱী যুৱ সন্থাৰ পাৰ্বত্য জিলা সমিতিৰ সম্পাদক জীৱ কুমাৰ ফাংচু, কে.এন. চি. এৰ চুকুৰী ৰংফাৰপি আৰু আইচাৰ ক্লেনদ্রোন ফাংচুয়ে নিমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

সন্মিলনত চি পি আই (এম এল) দলৰ প্ৰাক্তন সাংসদ ডাঃ জয়ন্ত ৰংপীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৯ মে' তাৰিখে কিষাণ শ্ৰমিক সভাৰ সভাপতি লংকি ৰাম তকবীয়ে সভাৰ পতাকা উত্তোলন কৰে আৰু কলম সিং টেৰণে শ্বহীদ তৰ্পণ কৰি অধিবেশনৰ দ্বিতীয় দিনৰ প্ৰতিনিধি সভা মুকলি কৰে । সন্মিলনৰ প্ৰতিনিধি সভাত মূলতঃ বৰ্তমান বিজেপি শাসনাধিষ্ঠ স্বায়ত্তশাসিত পৰিষদখনে কাৰ্বি আংলঙৰ কৃষি আৰু শ্ৰমজীৱি কাৰ্বি ৰাইজকে ধৰি দৰিদ্ৰ ৰাইজৰ জীৱন আৰু জীৱিকাৰ সমস্যা সমাধানত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱাৰ প্ৰসংগ উল্লেখ কৰে আৰু পাৰ্বত্য জিলা দুখনৰ স্বায়ত্ত শাসনৰ প্ৰসংগতো সম্পূৰ্ণ ৰূপে প্ৰতাৰণা কৰিছে বুলি চৰ্চিত হয় (Karbi Anglong Autonomous Council) ।

স্বায়ত্তশাসিত আন্দোলনক শক্তিশালী কৰিবলৈ গ্ৰামীণ কৃষি আৰু শ্ৰমজীৱি তথা দুখীয়া ৰাইজৰ জীৱন-জীৱিকাৰ সংগ্ৰামক যুক্ত কৰাৰ বিষয়টো গভীৰভাৱে চৰ্চিত হয় । সভাত মূখ্য অতিথি কমৰেড ডাঃ জয়ন্ত ৰংপীয়ে ভাষণ প্ৰসংগত কিষাণ শ্রমিক সভাৰ সদস্যসকলক গাঁৱে-ভূঞে সংগঠন গঢ়ি তুলিবলৈ আহ্বান জনায় ।

কৃষক শ্ৰমিকসকলৰ ঐক্যবদ্ধ শক্তিয়েহে বিজেপি তথা আৰ এচ এচ ৰ সাম্প্ৰদায়িক ফেচিবাদক প্রতিৰোধ কৰিব পাৰিব । কার্বি আংলঙত যে শ্রমজীৱী ৰাইজৰ কণ্ঠস্বৰ স্তব্ধ হোৱা নাই কৃষাণ শ্রমিক সভাৰ সন্মিলনে প্ৰমাণ কৰিছে বুলি মত পোষণ কৰে । সন্মিলনত খন সিং টেৰণ আৰু মিৰিন্দা ইংতিপিয়ে গণ সংগীত পৰিৱেশন কৰি প্ৰতিনিধিসকলৰ সংগ্রামী প্রেৰণা যোগায় ।

লগতে পঢ়ক: Sangeeta Dutta Case: চিচিটিভি ফুটেজত ওলাইছে চিকিৎসক দম্পতীয়ে চলোৱা আতিশয্যৰ শিহৰণকাৰী দৃশ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.