ETV Bharat / state

কাৰ্বি আংলঙত অবৈধ শিলৰ কুৱেৰী উৎখাত; 2 মাফিয়া আটক

কাৰ্বি পাহাৰত অব্যাহত আছে অবৈধ শিলৰ খনন । ভূ মাফিয়াই কেৰেপ নকৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক ।

কাৰ্বি আংলঙত অবৈধ শিলৰ কুৱেৰী উৎখাত; 2 মাফিয়া আটক
author img

By

Published : Aug 6, 2019, 6:18 PM IST

কাৰ্বি-আংলং,6আগষ্টঃ ভূ মাফিয়াই কেৰেপ নকৰে কাৰ্বি আংলং আৰক্ষী তথা দেশৰ উচ্চতম ন্যায়ালয়ক । দেশৰ উচ্চতম ন্যায়ালয়ে শিল খননত নিষেধাজ্ঞা প্ৰদান কৰাৰ পাচতো কাজিৰঙা আৰু দাঁতিকাষৰীয়া অঞ্চলত একাংশ ভূ মাফিয়াই অবাধে শিলখনন কাৰ্য অব্যাহত ৰাখিছে ৷ তাৰেই পৰিপ্ৰেক্ষিতত বোকাজান মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৱে সোমবাৰে নিশা কাৰ্বি আংলঙৰ ডলামৰা থানাৰ অন্তৰ্গত গেলেকি অঞ্চলত অভিযান চলাই এটা শিলৰ কুৱেৰী উৎখাত কৰে । এই অভিযান কালত কুৱেৰীটোৰ পৰা উদ্ধাৰ হয় ক্ৰেচাৰ মেচিন, এখন ট্ৰাক( as09a4902), মটৰ চাইকেল (AS05F1181) সহ খননত ব্যৱহৃত বহু সামগ্ৰী ।

কাৰ্বি আংলঙত অবৈধ শিলৰ কুৱেৰী উৎখাত; 2 মাফিয়া আটক

ইপিনে অবৈধ কুৱেৰীটো পাহাৰীয়া অঞ্চলত হোৱাৰ বাবে আৰক্ষীৰ বাহন দেখি পলায়ন কৰে ভূ মাফিয়া সহ খননত জড়িত অন্য লোকসকলে । কিন্তু পাচত ৰাতিৰ ভিতৰতে আৰক্ষীয়ে আটক কৰে 2 টাকৈ মাফিয়াক । মটৰ চাইকেলেৰে পলায়ন কৰাৰ সময়তে আৰক্ষীয়ে খেদি আটক কৰে বোকাখাটৰ মুনিন বৰা নামৰ মাফিয়াক ৷ তাৰপাছতেই মুনিন বৰাৰ তথ্যৰ ভিত্তিত আটক কৰে যুগল বৰুৱা নামৰ আনটো মাফিয়াক ।

Intro:Slug: karbi anglong illegal stone mining racket busted.

Anchor: কাৰ্বি পাহাৰত ভূ মাফিয়াৰ লুণ্ঠনৰ হাতোৰা । অব্যাহত আছে কাৰ্বি পাহাৰত অবৈধ শিলৰ খনন । কেৰেপ নকৰে উচ্চতম ন্যায়ালয়ক ।

VO: ভূ মাফিয়াই কেৰেপ নকৰে কাৰ্বি আংলং আৰক্ষী তথা দেশৰ উচ্চতম ন্যায়ালয়ক। কাজিৰঙা আৰু দাঁতিকাষৰীয়া অঞ্চলত দেশৰ উচ্চতম ন্যায়ালয়ে শিলৰ খননত নিষেধাজ্ঞা প্ৰদান কৰিছিল । কিন্তু একাংশ ভূ মাফিয়াই এতিয়া বুঢ়া আঙুলি প্ৰদৰ্শন কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ক আৰু অব্যাহত ৰাখিছে শিলৰ অবাধ খনন । তাৰেই পৰিপ্ৰেক্ষিতত বোকাজান মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৱে যোৱা নিশা কাৰ্বি আংলংৰ ডলামৰা থানাৰ অন্তৰ্গত গেলেকি অঞ্চলত অভিযান চলাই শিলৰ খনন স্থলী উৎসাত কৰে ।
আৰু খনন স্থলীত উদ্ধাৰ হৈছে ক্ৰেচাৰ মেচিন , এখন ট্ৰাক( as09a4902), মটৰ চাইকেল(AS05F1181) সহ খননত ব্যৱহৃত বহু সামগ্ৰী।

V O: খনন স্থলী পাহাৰীয়া অঞ্চল হোৱাৰ বাবে আৰক্ষীৰ বাহন দেখি পলায়ন কৰিছিল ভূ মাফিয়া সহ খননত জড়িত অন্য লোকে সকল । কিন্তু ৰাতিৰ ভিতৰতে আৰক্ষীয়ে আটক কৰে দুজনকৈ মাফিয়াক । মটৰ চাইকেলেৰে পলায়ন কৰাৰ সময়তে আৰক্ষীয়ে খেদি আটক কৰে বোকাখাটৰ মুনিন বৰা নামৰ মাফিয়া তোক আৰু তাৰ পাছতেই মুনিন বৰাৰ তথ্যৰ ভিত্তিত আটক কৰে যুগল বৰুৱা নামৰ আনটো মাফিয়াক ।Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.