ডিফু,26 জানুৱাৰী : মঙলবাৰে কাৰ্বি আংলঙত অনুষ্ঠিত হয় জিলা প্ৰেছ ক্লাৱ চমুকৈ ডিপিচিকে-ৰ কাৰ্যনিৰ্বাহক সমিতিৰ সভা ৷ ডিফুস্থিত জিলা প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত সভাপতি কিৰি ৰংহাঙৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক ডেনিয়েলচন বে’ই ৷
উক্ত সভাত দীৰ্ঘ আলোচনাৰ অন্তত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ প্ৰস্তাৱ মৰ্মে, আগন্তুক 8 ফেব্ৰুৱাৰীত ডিপিচিকে-ৰ তিনিবছৰীয়া কাৰ্যকাল অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত পুৰণি সমিতি ভংগ কৰি এখন নতুন সমিতি গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ সেয়েহে ডিপিচিকে-ৰ আগন্তুক সাধাৰণ সভাখন এইবাৰ ডিফুৰ নিকটৱৰ্তী মনোমোহা আৰু নৈসৰ্গিক উদ্যান ‘ৰিক্ৰিয়েশ্যন পাৰ্ক’ত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ লয় ৷
ইয়াৰ বাবে 5 জনীয়া বিত্তীয় উপ-সমিতি গঠন কৰি দিয়া হৈছে ৷ এই সভাত ডিপিচিকে-ৰ পৰৱৰ্তী সমিতি গঠন প্ৰক্ৰিয়াৰ নিৰ্বাচনত কেৱল ডিপিচিকেৰ পঞ্জীয়নকৃত সদস্যইহে অংশ গ্ৰহণ কৰিব পাৰিব বুলি সিদ্ধান্ত লোৱা হয় ৷ প’ৰ্টেলৰ সাংবাদিক বা ইচ্ছুক সাংবাদিকসকলে 2 ফেব্ৰুৱাৰীৰ ভিতৰত ডিপিচিকেৰ সদস্য ভৰ্তিৰ প্ৰ-পত্ৰ পূৰণ কৰি সংশ্লিষ্ট কাৰ্যালয়ত নিজৰ হাউছৰ সম্পাদকৰ আপত্তিবিহীন প্ৰমান পত্ৰ আৰু পৰিচয় পত্ৰখন প্ৰ-পত্ৰৰ সৈতে দাখিল কৰিবলৈ কোৱা হৈছে ৷
ইয়াৰোপৰি যিসকল সাংবাদিকৰ প’ৰ্টেল বা ৱেবচাইটৰ অস্তিত্ব নাই, তেনে সাংবাদিকে জিলা উপায়ুক্ত, জিলা তথ্য আৰু জন সংযোগ বিষয়াৰ আপত্তিবিহীন প্ৰমান পত্ৰ দাখিল কৰিব পাৰিলেহে ডিপিচিকেত পঞ্জীয়নভুক্ত কৰা হ’ব ৷ অন্যথা তেনে সাংবাদিকৰ দায়িত্ব ডিপিচিকেই গ্ৰহণ নকৰে বুলি সংবাদ মাধ্যমৰ আগত ডিপিচিকেৰ সভাপতি কিৰি ৰংহাঙে সদৰি কৰে ৷
লগতে পঢ়ক : যোৰহাটত বনভোজ খাবলৈ গৈ দুৰ্ঘটনাত পতিত এখন নাঁও