ETV Bharat / state

প্ৰস্তাৱিত শান্তি চুক্তি সন্দৰ্ভত কি ক’লে কাৰ্বি আংলং জিলা কংগ্ৰেছে ?

author img

By

Published : Jun 16, 2021, 10:19 PM IST

ৰাজ্যৰ কেইবাটাও বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ স্বাক্ষৰিত হ'বলগীয়া প্ৰস্তাৱিত শান্তি চুক্তি (peace accord) সন্দৰ্ভত কাৰ্বি আংলং জিলাৰ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বুধবাৰে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰ্বি আংলং জিলা কংগ্ৰেছে ৷ জিলা কংগ্ৰেছৰ দাবী স্বাক্ষৰিত হ'বলগীয়া শান্তি চুক্তিত (peace accord) ভাৰতীয় সংবিধানৰ ২৪৪(ক) অধীনত এখন স্বায়ত্ব ৰাজ্য গঠনৰ দাবীক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিলেহে পাহাৰীয়া অঞ্চলটোৰ জনসাধাৰণে সকলো ধৰণৰ সুবিধা লাভ কৰিব ৷

karbi-anglong-district-congress-reacts-to-proposed-peace-accoed
প্ৰস্তাৱিত শান্তি চুক্তি সন্দৰ্ভত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ প্ৰতিক্ৰিয়া প্ৰকাশ

ডিফু, ১৬ জুন : কাৰ্বি আংলঙ (Karbi Anglong)ৰ অস্ত্ৰ বিৰত কেইবাটাও বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ স্বাক্ষৰিত হ'বলগীয়া প্ৰস্তাৱিত শান্তি চুক্তি (peace accord) সন্দৰ্ভত জিলাখনৰ বিভিন্ন দল-সংগঠনৰ বিভিন্ন প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বুধবাৰে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰ্বি আংলং জিলা কংগ্ৰেছে ৷

ডিফুস্থিত জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি জিলা কংগ্ৰেছৰ উপ সভাপতি ৰতন ইংতি আৰু প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ডাঃ মংৱে ৰংপিয়ে প্ৰস্তাৱিত শান্তি চুক্তি (peace accord) সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷

প্ৰস্তাৱিত শান্তি চুক্তি সন্দৰ্ভত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

দলটোৱে বিদ্ৰোহী সংগঠন সমূহে সশস্ত্ৰ সংগ্ৰামৰ পথ ত্যাগ কৰি মূল সুঁতিলৈ উভতি আহি আলোচনালৈ আগবাঢ়ি অহা প্ৰক্ৰিয়াক আদৰণি জনাই প্ৰস্তাৱিত শান্তিচুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানৰ ২৪৪(ক) ধাৰাৰ অধীনত ষষ্ঠ অনুসূচীভূক্ত (6 schedule) এলেকাটোক সামৰি এখন স্বায়ত্ব ৰাজ্য গঠনৰ দাবীত অটল থকাৰ বাবে আহ্বান জনায় ৷

ইয়াৰ পূৰ্বে ১৯৯৫ চনত স্বাক্ষৰিত হোৱা এম অ' ইউ (MOU) চুক্তি আৰু ২০১১ স্বাক্ষৰিত হোৱা এম অ'এছ (MOS) চুক্তিত দীৰ্ঘদিনীয়া স্বায়ত্ত ৰাজ্যৰ দাবী অন্তৰ্ভূক্ত নোহোৱাৰ বাবে জিলা কংগ্ৰেছে অসন্তুষ্টি প্ৰকাশ কৰে ৷ সেয়েহে পৰৱৰ্তী সময়ত স্বাক্ষৰিত হ'বলগীয়া শান্তি চুক্তিত ভাৰতীয় সংবিধানৰ ২৪৪(ক) অধীনত এখন স্বায়ত্ত ৰাজ্য গঠনৰ দাবীক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাৰ বাবে দাবী জনায় আৰু ইয়াৰ জৰিয়তেহে পাহাৰীয়া অঞ্চলটোত বসবাস কৰি থকা জনসাধাৰণৰ সকলোধৰণৰ সুৰক্ষা নিশ্চিত হ'ব বুলি জিলা কংগ্ৰেছে দাবী কৰে ৷

এই সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ (Karbi Anglong Autonomous Council)ৰ মুখ্য কাৰ্যবাহী সদস্যলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলিও জানিবলৈ দিয়ে জিলা কংগ্ৰেছৰ নেতাদ্বয়ে ৷

লগতে পঢ়ক: কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে ৰাজ্য চৰকাৰৰ পঞ্চম কেবিনেটে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.