ডিফু, ১৯ মাৰ্চ : সমগ্ৰ বিশ্বজুৰি দিনক দিনে অধিক প্ৰসাৰ লাভ কৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ লক্ষ্যৰে বিশেষ সতৰ্কীকৰণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কাৰ্বি আংলং জিলা প্ৰশাসনৰ তৰফৰ পৰাও কেতবোৰ বিশেষ সতৰ্কীকৰণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কাৰ্বি আংলঙৰ জিলা দণ্ডাধীশ মুকুল কুমাৰ শইকীয়াই এক নিৰ্দেশনাযোগে কেতবোৰ সতৰ্কতা জাৰী কৰিছে ৷
সেই অনুসৰি কাৰ্বি আংলং জিলাৰ কোনো হোটেল, ৰেষ্টুৰেন্ট আদিত কৰ'ণা ভাইৰাছৰ প্ৰাদূৰ্ভাৱ থকা ঠাইৰ পৰা অহা কোনো লোক উপস্থিত হ'লে লগে লগে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক জনাবলৈ নিৰ্দেশ দিয়া হৈছে ৷ জিলাখনৰ বিবাহ ভৱন, নাট্য মন্দিৰ আদি স্থানত সাধাৰণতে যিকোনো ৰাজহুৱা সমাগমৰ আয়োজন নিষিদ্ধ কৰা হৈছে যদিও বিশেষ কোনো কাৰণত এনে ভৱন ব্যৱহাৰ কৰিবলগীয়া হ'লেও সংশ্লিষ্ট কৰ্তৃপক্ষক জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে ৷ জিলাখনত থকা নগৰ এলেকাসমূহ বিশেষকৈ ডিফু, হাওৰাঘাট, বোকাজান, ডকমকা আদি স্থানত দৈনিক আৰু সাপ্তাহিক বজাৰৰ শাক-পাচলি, মাছ আৰু মাংসৰ বজাৰসমূহ পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ নিৰ্দেশ দিয়া হৈছে ৷
![কৰ'ণা ভাইৰাছ : কাৰ্বি আংলং জিলা প্ৰশাসনৰ বিশেষ সতৰ্কতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asdiphu19032020karbianglongadministrationtakeprecautionmessureonkoronavirus_19032020172109_1903f_1584618669_270.jpg)
জিলাখনৰ দৈনিক বজাৰৰ নিষ্কাশনৰ ক্ষেত্ৰত পৌৰসভাসমূহে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি নিৰ্দেশনাটোত উল্লেখ আছে ৷ আনহাতে আন এক নিৰ্দেশনাযোগে জিলাখনৰ পথৰ দাঁতিত থকা মোবাইল ফাষ্ট ফুডৰ দোকানসমূহ পৰৱৰ্তী নিৰ্দেশনা লাভ নকৰা পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ ইপিনে পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ ৰেল ষ্টেচনতো সংশ্লিষ্ট কৰ্তৃপক্ষই বিশেষ সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে ৷ ডিফু ৰেল ষ্টেচনত নমা ৰেলযাত্ৰী সকলক স্বাস্থ্য বিভাগৰ কৰ্মীয়ে বিশেষ পৰীক্ষা কৰা পৰিলক্ষিত হৈছে ৷