ETV Bharat / state

অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন কাৰ্বি আংলং জিলা উপায়ুক্তৰ

author img

By

Published : Nov 14, 2020, 7:55 PM IST

দিপাৱলীৰ পিছতে অনুষ্ঠিত হ'ব ডিমাপুৰ আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ মাজৰ দ্বিপাক্ষিক বৈঠক ।

karbi anglang dc visit assam nagaland border area
অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন কাৰ্বি আংলং জিলা উপায়ুক্তৰ

কাৰ্বি আংলং, 14 নৱেম্বৰ : শনিবাৰে কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন কৰে জিলাৰ উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই । সীমান্তৰ দলদলি সংৰক্ষিত বনাঞ্চলত নগাক ভূমি পট্টা প্ৰদানৰ বাতৰি প্ৰকাশৰ পিছতে তৎপৰ হৈ পৰে জিলা প্ৰশাসন । সীমান্তত অব্যাহত থকা নগাৰ আগ্ৰাসন সন্দৰ্ভত নাগালেণ্ডৰ ডিমাপুৰ উপায়ুক্তৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে কাৰ্বি আংলং জিলা উপায়ুক্তই ৷

দিপাৱলীৰ পিছতে অনুষ্ঠিত হ'ব ডিমাপুৰ আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ মাজত দ্বিপাক্ষিক বৈঠক । ১৯২৩ চনত ঘোষণা হোৱা সীমান্তৰ দলদলি সংৰক্ষিত বনাঞ্চলৰ ভূমি অক্ষুণ্ণ ৰাখি সীমান্ত সুৰক্ষিত ৰখাৰ স্বাৰ্থত সম্পন্ন হ'ব দুয়োখন জিলা প্ৰশাসনৰ মাজৰ এই বৈঠক । শনিবাৰে কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত উপস্থিত হৈ নগাৰ ভূমি বেদখলৰ পৰিদৰ্শন কৰে কাৰ্বি আংলঙৰ উপায়ুক্তগৰাকীয়ে । উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাৰ লগত উপস্থিত থাকে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিত ৰাভা ৷

লগতে পঢ়ক: বিপিএফৰ দুই প্ৰাৰ্থীক ৰাভা ছাত্ৰ সন্থাৰ মুকলি সমৰ্থন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.