ETV Bharat / state

নাগালেণ্ডক কাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’বঃ তুলিৰাম ৰংহাঙ - টীম কার্বি আংলঙৰ প্রচেষ্টা

এতিয়াৰে পৰা কার্বি আংলং স্বায়ত্বশাসিত পৰিষদে পােনপটীয়াকৈ কেন্দ্রীয় পুঁজিৰ ধন লাভ কৰিবলৈ সক্ষম হ’ব । পূর্বে ৰাজ্য চৰকাৰৰ জৰিয়তে কেন্দ্রীয় পুঁজিৰ ধন পৰিষদলৈ আহিবলগীয়া হােৱাৰ ফলত উক্ত ধন আহি পােৱাত যথেষ্ট পলম হৈছিল । এনে অসুবিধাৰ বাবেই বিগত বর্ষৰ কেন্দ্রীয় পুঁজিৰ ধন পৰিষদে আজি পর্যন্ত লাভ কৰিবলৈ সক্ষম নহ’ল বুলি কলে মুখ্য কার্যবাহী সদস্য গৰাকীয়ে ।

kaac press meet at diphu
নাগালেণ্ডক কাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’বঃ তুলিৰাম ৰংহাঙ
author img

By

Published : Nov 19, 2020, 6:59 AM IST

ডিফু,19নৱেম্বৰঃ কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সচিবালয়ৰ আলােচনা কক্ষত বুধবাৰে এক সংবাদমেলৰ আয়ােজন কৰি কেতবােৰ গুৰুত্বপূর্ণ বিষয় ৰাজহুৱা কৰে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে । মুখ্য কার্যবাহী সদস্য গৰাকীয়ে সংবাদমেলত ঘােষণা কৰা অনুসৰি, এতিয়াৰে পৰা কার্বি আংলং স্বায়ত্বশাসিত পৰিষদে পােনপটীয়াকৈ কেন্দ্রীয় পুজিৰ ধন লাভ কৰিবলৈ সক্ষম হ’ব । পূর্বে ৰাজ্য চৰকাৰৰ জৰিয়তে কেন্দ্রীয় পুঁজিৰ ধন পৰিষদলৈ আহিবলগীয়া হােৱাৰ ফলত উক্ত ধন আহি পােৱাত যথেষ্ট পলম হৈছিল । এনে অসুবিধাৰ বাবেই বিগত বর্ষৰ কেন্দ্রীয় পুঁজিৰ ধন পৰিষদে আজি পর্যন্ত লাভ কৰিবলৈ সক্ষম নহ’ল বুলি কলে মুখ্য কার্যবাহী সদস্য গৰাকীয়ে । ইপিনে কেন্দ্রীয় পুঁজিৰ ধন লাভ কৰাৰ ক্ষেত্রত মুখ্য কার্যবাহী সদস্য গৰাকীৰ নেতৃত্বত টীম কার্বি আংলঙৰ প্রচেষ্টাত অৱশেষত এই ধন পােনপটীয়াকৈ পৰিষদক দিয়াৰ বাবে কেন্দ্রীয় চৰকাৰে সন্মতি প্রদান কৰা বুলি মন্তব্য কৰে ।

নাগালেণ্ডক কাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’বঃ তুলিৰাম ৰংহাঙ

আনহাতে, বিজেপি চৰকাৰে কার্বি আংলং জিলাত পঞ্চায়তীৰাজ ব্যৱস্থা আৰোপ কৰাৰ প্রচেষ্টা চলােৱাত শেহতীয়াকৈ বিভিন্ন বাজনৈতিক দলসমূহে অভিযােগ উত্থাপন কৰি অহাৰ লগতে ইয়াৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচীও ৰূপায়ণ কৰা হৈ আহিছে । এই সন্দর্ভত পৰিষদৰ স্থিতি স্পষ্ট কৰি মুখ্য কার্যবাহী সদস্য গৰাকীয়ে কয় যে নাগালেণ্ড, মেঘালয়, মিজোৰামৰ দৰে অন্য জনজাতীয় ৰাজ্য সমূহৰ আৰ্হিত কার্বি আংলঙতাে এগৰাকী অধ্যক্ষৰ নেতৃত্বত গাঁও উন্নয়ন সমিতি গঠন কৰা হয় । ইয়াৰ বিপৰীতে গাঁও পঞ্চায়তসমূহ 'চাৰপাঞ্চৰ নেতৃত্বত পৰিচালনা কৰা হয় । চৰকাৰী বেৱছাইটত ’ইউনিফর্ম চিষ্টেম' মানি চলাৰ ফলত অন্য জনজাতীয় ৰাজ্যসমূহৰ লগতে কার্বি আংলঙৰ তথ্যসমূহাে গ্রাম পঞ্চায়ত হিচাপেই ৱেবছাইটত অন্তর্ভুক্ত কৰােৱা হয় । অৱশ্যে, এই ব্যৱস্থাৰ শুধৰণিৰ বাবে এতিয়ালৈকে দুবাৰকৈ চৰকাৰলৈ পত্র প্রেৰণ কৰা হৈছে বুলি মুখ্য কার্যবাহী সদস্য গবাকীয়ে সংবাদমেলত উল্লেখ কৰে ।

ইপিনে প্রধানমন্ত্রী আৱাস যােজনাৰ অধীনত কার্বি আংলঙত নির্মাণ হ'বলগীয়া ঘৰসমূহ আগন্তুক এবছৰৰ ভিতৰতে সম্পূর্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰে ৷ ইপিনে নির্দিষ্ট সময়ৰ ভিতৰত এই আৱাস নির্মাণ সম্পূর্ণ কৰিবলৈ সক্ষম নােহােৱা খণ্ড উন্নয়ন বিষয়া আৰু কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে গােচৰ ৰুজু কৰি কাৰাগাৰলৈ প্রেৰণ কৰা হ’ব বুলি মুখ্য কার্যবাহী সদস্য গৰাকীয়ে স্পষ্ট কৰি দিয়ে ।

অসম-নাগালেণ্ড সীমান্তৰ সীমা সমস্যাক কেন্দ্র কৰি সৃষ্টি হােৱা অস্থিৰ অৱস্থাৰ সন্দর্ভত মন্তব্য কৰি মুখ্য কার্যবাহী সদস্য গৰাকীয়ে বিষয়টো সন্দর্ভত মুখ্যমন্ত্রীৰ সৈতে আলােচনা কৰি থকা হৈছে বুলি মন্তব্য কৰে । তুলিৰা ৰংহাং পৰিষদৰ মুখ্য কার্যবাহী হােৱাৰ পিছত সীমান্ত এলেকাত দুবাৰকৈ উচ্ছেদ অভিযান চলােৱা বুলি মন্তব্য কৰি কার্বি আংলঙৰ এক ইঞ্চি মাটিও নাগালেণ্ডক এৰি দিয়া নহয় বুলি মত প্রকাশ কৰে ।কংগ্রেছৰ আমােলতহে সীমান্ত এলেকাত নগাই গৃহ নির্মাণ কৰা বুলি অভিযােগ কৰি উক্ত এলেকাত বন বিভাগৰ জৰিয়তে বৃক্ষৰোপণৰ আঁচনি লােৱা হৈছে বুলি মুখ্য কার্যবাহী সদস্য গৰাকীয়ে সদৰি কৰে । ইতিপূর্বে প্রধানমন্ত্রী আৰু কেন্দ্রীয় গৃহমন্ত্ৰীক দুবাৰকৈ সাক্ষাৎ কৰি অসম-নাগালেণ্ড সীমা সমস্যা সম্পর্কে স্মাৰক পত্রযােগে অৱগত কৰোৱা বুলি মুখ্য কার্যবাহী সদস্য গৰাকীয়ে সংবাদমেলত উল্লেখ কৰে ।

লগতে পঢ়কঃ নাগ্ৰীজুলিৰ কাউলীত বিজেপিৰ যোগদান সমাৰোহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.