ETV Bharat / state

72nd Foundation Day of KAAC: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - 72nd Foundation Day Programme of KAAC

ডংকামোকামত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানতে দুই পাৰ্বত্য জিলাত ৮০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত আঁচনিৰ শুভ উদ্ধোধন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

KAAC celebrates its 72nd Foundation Day
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
author img

By

Published : Jun 23, 2023, 7:50 PM IST

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিফু,২৩ জুন: ৭২ টা বৰ্ষ অতিক্ৰম কৰিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে । সেই উদ্দেশ্যে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস । দেশৰ ভিতৰতে পুৰণি স্বায়ত্তশাসিত পৰিষদ ৰূপে পৰিচিত কাৰ্বি আংলং জিলা পৰিষদ গঠন হৈছিল ১৯৫২ চনৰ ২৩ জুন তাৰিখে ।

১৯৯৫ চনৰ ১ এপ্ৰিলত সম্পন্ন হোৱা ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তিৰ জৰিয়তে পৰিষদখনলৈ অধিক ক্ষমতা হস্তান্তৰ কৰি স্বায়ত্তশাসিত পৰিষদলৈ উন্নীত কৰা হৈছিল । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এই দীঘলীয়া পৰিক্ৰমাক ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসত শ্ৰদ্ধা সহকাৰে স্মৰণ কৰা হয় । দিৱসটিৰ কাৰ্যসূচীৰ অংশ হিচাপে পুৱাতে দুই পাহাৰীয়া জিলাত প্ৰায় ৮০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা কেইবাটাও আঁচনি উদ্বোধন কৰাৰ উপৰি ডংকামোকাম ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰা হয় এখনি মুকলি সভা ।

লগতে পঢ়ক: Sahitya Akademi Award 2023: ৰথীন্দ্ৰ নাথ গোস্বামীলৈ শিশু সাহিত্য অকাদেমী বঁটা

উক্ত মুকলি সভাত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰি যোৱা ২৫০৩.৯১ কোটি টকাৰ আঁচনিসমূহৰ এহেজাৰ কোটি টকাৰ আঁচনি লোকসভা নিৰ্বাচনৰ পূৰ্বে উদ্বোধন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

মুকলি সভাত বিগত এটা বৰ্ষত পৰিষদখনে গ্ৰহণ কৰা উন্নয়নৰ খতিয়ান দাঙি ধৰা হয় । সভাত বিভিন্ন শিতানত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিভিন্নজনক বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানত পৰিষদখনৰ বহুকেইগৰাকী কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্যক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সভাত অসম বিধানসভাৰ উপাধ্যক্ষ ড৹ নোমল মমিনৰ উপৰি স্থানীয় সাংসদ, বিধায়কসকলৰ লগতে পৰিষদৰ নেতৃবৰ্গ উপস্থিত থাকে ।

লগতে পঢ়ক: Saints gather in Kamakhya: সাধু-সন্তৰ সমাগমত মুখৰিত নীলাচলৰ বুকু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.