ডিফু,১৭ মে': কাৰ্বি ভূমিত কৰ'ণাই প্ৰাণ কাঢ়িলে এগৰাকী সাংবাদিকৰ । দেওবাৰে নিশা চিৰবিদায় মাগিলে কাৰ্বি আংলঙৰ বোকাজানৰ সাংবাদিক ৰুবুল দিহিঙীয়াই । কৰ'ণাত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল সাংবাদিকগৰাকী ।
অৱশেষত মৃত্যুৰে হাৰ মানিলে দেওবাৰে নিশা ১২.৪৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক ৰুবুল দিহিঙীয়াই । সাংবাদিকগৰাকীৰ হাওঁফাওঁ সম্পূৰ্ণৰূপে বিকল হৈ পৰে । সাংবাদিকতাৰ উপৰিও সমাজৰ বিভিন্ন অনুষ্ঠানত অগ্ৰণী ভূমিকা পালন কৰিছিল দিহিঙীয়াই ।
এটা ব্যক্তিগত চেনেলত তেওঁ কৰ্মৰত হৈ আছিল বুলি জানিব পৰা গৈছে ৷ ৰুবুল দিহিঙীয়াৰ মৃত্যুৱে গভীৰ শোকৰ ছাঁ পেলাইছে সমগ্ৰ বোকাজানত ৷ তেওঁ বিয়োগে শোকবিহ্বল কৰি তুলিছে সংবাদকৰ্মীসকলক ।
লগতে পঢ়ক: মুখলজ্জা ঢাকিবলৈ জীৱন্তে পুতিলে নৱজাতকক