ডিফু,৮ মে': অসমৰ সীমামূৰীয়া ৰাজ্যসমূহৰ সৈতে আলাপ আলোচনাৰ মাজেৰে সীমা সমস্যা সমাধানৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে পশ্চিম কাৰ্বি আংলং জিলাৰে মেঘালয়ৰ সংযোজিত এলেকাটোৰ সীমা সমস্যাক লৈ আশংকা প্ৰকাশ কৰিছে জিলাখনৰ জইন্ট কʼ-অৰ্ডিনেশ্যন কমিটি ফৰ প্ৰটেক্ট অটোনমি চমুকৈ জেচিচিপিএয়ে (Resolution of Assam-Meghalaya border issue) ।
সোমবাৰে ডিফুত এক সংবাদমেলৰ আয়োজন কৰি সংগঠনটোৰ আহ্বায়ক খৰছিং টেৰণে কয় যে, এতিয়াৰ কাৰ্বি আংলং তথা পূৰ্বৰ মিকিৰ পাহাৰ জিলা গঠনৰ সময়ৰে পৰা কাৰ্বি আংলঙৰ লোকে মেঘালয়ৰ ভূমি বে-দখল কৰা নাই । ঠিক সেইদৰে 'দিয়া-লোৱা' নীতিৰ আধাৰত কাৰ্বি আংলঙৰ ভূমি মেঘালয়ক প্ৰদান কৰাৰ দৰে কোনো সিদ্ধান্ত ভৱিষ্যতে সংগঠনটোৱে মানি ল'ব নোৱাৰে বুলি আহ্বায়ক গৰাকীয়ে কয় (Assam-Meghalaya border issue) ।
মেঘালয়ৰ ভূমিও কাৰ্বি আংলঙক দিয়াৰ প্ৰয়োজন নাই, ঠিক সেইদৰে কাৰ্বি আংলঙৰ মাটিও মেঘালয়ক দিয়াৰ নীতি সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে খৰছিং টেৰণে । যোৱা চাৰি মে'ত মুখ্যমন্ত্ৰীৰ কাৰ্বি আংলং ভ্ৰমণৰ সময়তো সংগঠনটোৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিষয়টো সন্দৰ্ভত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে যদিও মুখ্যমন্ত্ৰীৰ পৰা আশাব্যঞ্জক সঁহাৰি লাভ কৰা নাই বুলি আহ্বায়কগৰাকীয়ে উল্লেখ কৰে (Joint Coordination Committee for Protect Autonomy) ।
মেঘালয় গঠনৰ সময়তে কাৰ্বি আংলং জিলাবাসীয়ে মেঘালয়ৰ পৰিৱৰ্তে অসমৰ সৈতে থকাৰ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰি কাৰ্বি আংলঙৰ সেই সীমা সুৰক্ষাৰ বাবে অসম চৰকাৰ দায়ৱদ্ধ বুলি মন্তব্য কৰে । সংবাদমেলত উপস্থিত থকা এএছডিচি দলৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে পশ্চিম কাৰ্বি আংলং জিলাৰ বিবাদমান এলেকা মেঘালয়ৰে চামিল হʼলে জিলাখনে ৫৪ খন গাঁও তথা ডেৰ হাজাৰ বৰ্গ কিলোমিটাৰতকৈ অধিক ভূমি হেৰুৱাব লাগিব বুলি উদ্বেগ প্ৰকাশ কৰে (Assam Meghalaya border issue)।
পশ্চিম কাৰ্বি আংলং জিলাৰে সংলগ্ন অসম-মেঘালয় সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত এলেকাটোৰ সকলো দল-সংগঠনৰ পৰামৰ্শ মৰ্মে সিদ্ধান্ত গ্ৰহণৰ বাবে সংগঠনটোৱে আহ্বান জনায় ।
লগতে পঢ়ক: Manipur crisis update: মণিপুৰত আৱদ্ধ অসমীয়া লোকৰ বাবে দুটা হেল্পলাইন নম্বৰ মুকলি