গুৱাহাটী, ১০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য জ্বলিছে ৷ প্ৰতিবাদমুখী হৈ উঠিছে অসমীয়া জনতা ৷ অসম গৌৰৱ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই সম্পূৰ্ণ নিজস্ব শৈলীৰে কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ।
![jahnu baruah against cab](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-jahnu-barua-against-cab-7206058_10122019144750_1012f_1575969470_902.jpeg)
চলিত মাহৰ শেষভাগত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱৰ পৰা বিশিষ্ট পৰিচালক গৰাকীয়ে প্ৰত্যাহাৰ কৰিছে তেওঁৰ ছবি "ভগা খিৰিকী"। 'কেব'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিয়েই জাহ্নু বৰুৱাই ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱৰ পৰা তেওঁৰ ছবি "ভগা খিৰিকী" প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
![jahnu baruah against cab](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-jahnu-barua-against-cab-7206058_10122019144750_1012f_1575969470_1099.jpeg)
লগতে পঢ়কঃ ঘৰৰ ভিতৰত ভাত ৰান্ধি থাকিলে এতিয়া আৰু নহ'ব, ৰাইজ ওলাই আহক : অখিল গগৈ