ডিফু, ১৮ জুনঃ মঙলবাৰে বিয়লি ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি কাৰ্বি আংলং-মেঘালয় সীমা সমস্যাক লৈ সৰৱ হয় জাকাছৰ অধ্যক্ষ খৰছিং টেৰণে ৷ অসম-মেঘালয় সীমান্তৰ পৰা অসম আৰক্ষীয়ে নিজৰ পহৰা চকী অসহায় ভাবে উঠাই অনা কাৰ্যক সহজ ভাবে ল’ব পৰা নাই জইণ্ট একশ্বন কমিটি ফৰ অট'নমাছ ষ্টেট চমুকৈ জাকাছে ৷ সংবাদমেলৰ আয়োজন কৰি অসন্তুষ্টিৰ কথা ব্যক্ত কৰে সংগঠনটোৰ অধ্যক্ষ খৰছিং টেৰণে ৷
টেৰণে সংবাদ মাধ্যমত সদৰি কৰা অনুসৰি মেঘালয়ৰ এদল উন্মত্ত জনতাৰ হেঁচাত পৰি অসম আৰক্ষীয়ে পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৱৰ্তী এলেকাৰ উমখিৰিত খাটখাচালাত স্থাপন কৰা বিঅ'পিটোৰ লগতে লাম-লাকটু আতঁৰাই অনাটো লজ্জাজনক কাণ্ড ৷
সীমান্ত সমস্যা নতুন সমসা নহয়, এই সন্দৰ্ভত জিলাখনৰ অত্যন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰা ছাত্ৰ আৰু যুৱ সংগঠন সমূহে অসম- নাগালেণ্ড, মেঘালয়ৰ আন্তঃৰাজ্যিক সীমা সমস্যা, আন্তঃজিলা সীমা সমস্যা আৰু বিবাদৰ কথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদক বাৰে বাৰে অৱগত কৰি আহিছে যদিও পৰিষদখনে বিষয়টোত বিশেষ গুৰুত্ব আৰোপ নকৰি চকু মুদা কুলিৰ ভাও জুৰি আছে বুলি অভিযোগ কৰে ৷
কাৰ্বি পৰিষদে সীমা নিৰ্দ্ধাৰণ কৰি অসম চৰকাৰৰ জৰিয়তে মেঘালয় চৰকাৰৰ লগত বিষয় সন্দৰ্ভত আলোচনা কৰিব লাগে বুলিও কয় ৷ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে অসম-মেঘালয় সীমান্তত শান্তি-সম্প্ৰীতি স্থাপন কৰি ৰাইজৰ মাজত থকা দু:চিন্তা দূৰ কৰিবলৈও আহ্বান জনায় ৷ সীমান্ত অঞ্চলৰ আৱণ্টিত পূঁজিৰ সদ ব্যৱহাৰ কৰি সীমান্ত অঞ্চলৰ উন্নয়ণ সাধন কৰিব লাগে বুলিও দাবী তোলে জাকাছৰ অধ্যক্ষ গৰাকীয়ে ৷
ইয়াৰোপৰি ১৯৬৯ চনত মেঘালয় গঠন হোৱা সময়ত কাৰ্বি আংলং জিলা কি চুক্তিত অসমৰ লগত থাকিব লাগিল বুলি সোঁৱৰাই দিয়ে ৷ অসম চৰকাৰে শীঘ্ৰে মেঘালয় চৰকাৰৰ লগত আলোচনা কৰি সমস্যা সমাধান কৰিবলৈ আহ্বান জনায় ৷ যদিহে অসম চৰকাৰে সীমা সমস্যা কৰিব নোৱাৰে তেন্তে কাৰ্বি আংলঙক স্ব-ৰাজ্য প্ৰদান কৰক, কাৰ্বি আংলঙে নিজৰ ৰাজ্যৰ সীমা সুৰক্ষিত ৰখাত সক্ষম আছে বুলি সংবাদমেলত মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে ৷ সংবাদমেলত জাকাছৰ ভাতৃ সংগঠনৰ নেতা-সদস্য সকলো উপস্থিত থাকে ৷