ETV Bharat / state

কেবক লৈ আইনী যুঁজ দিবলৈ বৰঙণি সংগ্ৰহৰ আহ্বান জে আই কাথাৰৰ

author img

By

Published : Dec 13, 2019, 11:30 PM IST

প্ৰয়োজন সাপেক্ষে বিধেয়কখন নাকচ কৰাৰ বাবে উচ্চচতম ন্যায়ালয় আৰু ৰাষ্ট্ৰসংঘৰ আদালতত যুঁজ দিয়াৰ কথা ব্যক্ত কৰে কাৰ্বি আংলঙৰ আঞ্চলিক দল এপিএইছএলচিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত আইএছ বিষয়া জে আই কাথাৰে ৷ শুকুৰবাৰে ডিফুৰ ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কত কেবৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে কাথাৰে ৷

J I Kathar says to collect fund to fight against CAB
কেবক লৈ আইনী যুঁজ দিবলৈ বৰঙণি সংগ্ৰহৰ আহ্বান জে আই কাথাৰৰ

ডিফু, 13 ডিচেম্বৰঃ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছতেই আইনলৈ পৰিৱৰ্তন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 ৷ ইয়াৰ পিছতেই আইনখনৰ বিৰুদ্ধে আইনী যুঁজ দিবলৈ অগ্ৰসৰ হৈছে একাংশ দল-সংগঠন ৷ প্ৰয়োজন সাপেক্ষে আইনখন নাকচ কৰাৰ বাবে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰসংঘৰ আদালতত যুঁজ দিয়াৰ কথা উল্লেখ কৰে কাৰ্বি আংলঙৰ আঞ্চলিক দল এপিএইছএলচিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত আইএছ বিষয়া জে আই কাথাৰে ৷ শুকুৰবাৰে ডিফুৰ ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কত কেবৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে কাথাৰে ৷ আইনী প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় ধনৰ বাবে প্ৰতিঘৰকে নুন্যতম 500 টকাকৈ বৰঙনি সংগ্ৰহ কৰি এটা একাউন্টত জমা ৰাখিবলৈ উপদেশ দিয়ে অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ৷

কেবক লৈ আইনী যুঁজ দিবলৈ বৰঙণি সংগ্ৰহৰ আহ্বান জে আই কাথাৰৰ

উল্লেখ্য যে, শুকুৰবাৰে ডিফুৰ নাগৰিক সমাজ, ছাত্ৰ সমাজ আৰু সাধাৰণ ৰাইজে বিয়লি 3 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ আনহাতে, উদ্ভৱ হ’ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ জিলাখনত সষ্টম হৈ আছে জিলা আৰক্ষী প্ৰশাসন ৷

লগতে পঢ়ক-কলগাছিয়াত কৃষক মুক্তিৰ কেব বিৰোধী প্ৰতিবাদ

Intro:Body:

কেবকলৈ আইনী যুঁজ দিবলৈ বৰঙণি সংগ্ৰহৰ আহ্বান জে আই কাথাৰৰ ৷

------------------------------------—--কেব আৰু বিজেপি বিৰোধী ঢৌত কম্পমান ডিফুৰ আকাশ- বতাহ ৷

ডিফু, ১৩ ডিচেম্বৰ:-  বিতৰ্কিত বিধেয়ক কেবৰ ওপৰত ৰাষ্ট্ৰপতিৰ চীল- মোহৰ লাগি ই আইনলৈ পৰিৱৰ্তন হোৱাৰ পিছত ইয়াকলৈ আইনী যুঁজ দিবলৈ অগ্ৰসৰ হৈছে একাংশ দল সংগঠন ৷ আজি ডিফুৰ ছেমছনছিং ইংতি মেম' ৰিয়েল পাৰ্কত কেবৰ বিৰুদ্ধে ৰূপায়িত হোৱা অৱস্থান ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰি জাতিধ্বংসী বিধেয়কটোকলৈ প্ৰয়োজন হলে উচ্চতম ন্যায়ালয়ৰ লগতে ৰাষ্ট্ৰসংঘৰ আদালততো যুঁজ দিবলৈ প্ৰতিঘৰৰ পৰাও নুন্যতম ৫০০ টকাকৈ বৰঙণি সংগ্ৰহ কৰি এটা একাউণ্টত জমা ৰাখিবলৈ মতপোষণ কৰে কাৰবি আংলঙৰ আঞ্চলিক দল এপিএইছএলচিৰ সভাপতি অৱসৰ প্ৰাপ্ত আইএছ বিষয়া জে আই কাথাৰে ৷ ইয়াৰ লগতে কেব বিৰোধী আন্দোলনক গাঁৱে- ভূঞে সম্প্ৰসাৰিত কৰা হব বুলি ভাষণ প্ৰদান কৰে নেতা গৰাকীয়ে ৷ইয়াৰ লগতে স্থানীয় শিল্পী কুইন হাজৰিকাৰ লগতে কেইবাগৰাকী বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীয়ে কেবৰ বিৰুদ্ধে মাৰ বান্ধি ঐক্যবদ্ধ আৰু অহিংস  আৰু শান্তিপূৰ্ণ আন্দোলন অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷ উল্লেখযোগ্যযে, বৃহস্পতিবাৰে ডিফুত নাগৰিক সমাজৰ উদ্যোগত ডিফু চহৰৰ মাজেৰে বাহিৰ কৰা প্ৰতিবাদী  সমদলত একাংশ প্ৰতিবাদকাৰীয়ে  উগ্ৰ ৰূপ ধাৰণ কৰিছিল যদিও একাংশ জ্যেষ্ঠ সাংবাদিক, ছাত্ৰনেতা আৰু বুদ্ধিজীৱিৰ হস্তক্ষেপত পৰিস্থিতি অধিক অৱনতি হোৱাৰ পৰা ৰক্ষা পৰে ৷ আজিও ডিফুৰ নাগৰিক সমাজ, ছাত্ৰ সমাজ, আৰু সাধাৰণ ৰাইজ একেস্থানতে সমবেতহৈ বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে যদিও সমদল বাহিৰ কৰাৰ পৰা বিৰত থাকে ৷  প্ৰায় দুই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ' বিজেপি গ' বেক, কেব আমি নমানো,  কেব বাতিল কৰিবই লাগিব,  জয় আই অসম আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিশেষকৈ আজিৰ প্ৰতিবাদ স্থলীত বিজেপি বিৰোধী শ্লগানে অধিক গুৰুত্ব লাভ কৰে ৷ আনহাতে আজিৰ নিতৌ বিয়লি ৩ বজাত একে স্থানতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হব বুলি জানিব পৰা গৈছে ৷ আনহাতে জিলা আৰক্ষী প্ৰশাসন যিকোনো অপ্ৰিতীকৰ পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈ সষ্ঠম হৈ আছে বুলি জানিব পৰা গৈছে ৷

ছাইদুল ইছলাম, ডিফু ৷৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.