ডিফু, 2 ছেপ্তেম্বৰ : সদ্য গঠিত খিলঞ্জীয়া যুৱ ইউনিয়ন কাৰ্বি আংলঙে বুধবাৰে ডিফুৰ মাটিপুঙত এখন সংবাদমেল আয়োজন কৰি চৰকাৰৰ ওচৰত কেতবোৰ দাবী উত্থাপন কৰে ৷ সংগঠনটোৰ উপদেষ্টা প্ৰদীপ ইংলেঙে জিলাখনত চলি থকা অনলাইন শিক্ষা ব্যৱস্থা সূচাৰুৰূপে চলোৱাৰ লগতে বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনে জিলাখনত দাবী কৰি অহা অনুচ্ছেদ 244 ৰ প্ৰতি পূৰ্ণ সমৰ্থন জনায় ৷ জিলাখনৰ চৰকাৰী-বেচৰকাৰী খণ্ডত নিবনুৱা যুৱক- যুৱতীক 100 শতাংশ চাকৰিৰ ব্যৱস্থা কৰাৰো দাবী জনায় উপদেষ্টাগৰাকীয়ে ৷
আনহাতে, জিলাখনৰ খিলঞ্জীয়া যুৱক-যুৱতীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে খিলঞ্জীয়া যুৱ ইউনিয়ন কাৰ্বি আংলঙে কাম কৰাৰ বাবে সংকল্পবদ্ধ বুলি সংগঠনটোৰ উপদেষ্টা প্ৰদীপ ইংলেঙে জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, সংবাদমেলত সংগঠনটোৰ উপদেষ্টা প্ৰদীপ ইংলেঙ, সাধাৰণ সম্পাদক ৰাজেশ নাথ, বিত্ত সম্পাদক গোলাৱ খান, ক্ৰীড়া সম্পাদক দিপাঙ্কৰ বৰা, আৰু সাংস্কৃতিক সম্পাদক হেমন্ত সিঙ আৰু সদস্য সকল উপস্থিত থাকে ৷
লগতে পঢ়ক : বদৰুদ্দিন আজমল চাহাবৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো লোভ নাই: আমিনুল ইছলাম