ETV Bharat / state

অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক শাখা সমিতিৰ মুখপত্ৰ উন্মোচন - অসম সাহিত্য সভা

বৃহস্পতিবাৰে ডিফুৰ ৰাংছিনা ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰীৰ নলিনীৱালা দেৱীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি, অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক শাখা সমিতিৰ মুখপত্ৰ আলোচনী "মিৰজাংছিক" উন্মোচন কৰে ৷

অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক শাখা সমিতিৰ মুখপত্ৰ উন্মোচন

author img

By

Published : Dec 24, 2020, 10:35 PM IST

ডিফু, ২৪ ডিচেম্বৰ: অসম সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰীৰ নলিনীৱালা দেৱীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে ডিফুৰ ৰাংছিনা ভৱনত উন্মোচন কৰা হয় অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক শাখা সমিতিৰ মুখপত্ৰ আলোচনী "মিৰজাংছিক" ৷ মিৰজাংছিকৰ অসমীয়া অনুবাদ সৰু সৰু ফুল ৷ ইয়াৰোপৰি একেখন মঞ্চতে উন্মোচন হয় যুৱ প্ৰজন্মৰ গায়িকা তথা সমাজ কৰ্মী ব্ৰহ্মানন্দ বৰাৰ কন্যা হিমাক্ষী বৰাৰ কণ্ঠত প্ৰাণ পোৱা এক সুৱলা গীতৰ এলবাম "পাহাৰীয়া ছোৱালী" ৷

মিৰজাংজিক আৰু গীতৰ এলবাম খনৰ শুভ উন্মোচন কৰে ক্ৰমে, ডিফু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰেণ দাস আৰু ৰবীন চন্দ্ৰ গোস্বামীয়ে ৷ ডিফু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উদ্ধৱ চন্দ্ৰ মহন্তৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে সভাখনৰ আঁত ধৰে মিৰজাংছিকৰ প্ৰাক্তন সম্পাদক ব্ৰহ্মানন্দ বৰাই ৷ সভাৰ আৰম্ভণিতেই অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভানেত্ৰী নলিনীবালা দেৱীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পন কৰে উপস্থিত ৰাইজে ৷ বিশিষ্ট লেখিকা তথা মিৰজাংছিক মুখপত্ৰ খনৰ সম্পাদিকা গীতা বৰাই আলোচনীখন ৰাইজলৈ আগুৱাই দিয়াৰ ক্ষেত্ৰত পোৱা তিতা-মিঠা অভিজ্ঞতাখিনি প্ৰকাশ কৰে আৰু আলোচনী খনৰ বিভিন্ন শিতানৰ বিষয়ে আলোকপাত কৰে ৷ লগতে আলোচনী খনৰ ক্ষেত্ৰত লেখক-লেখিকা সকললৈ কৃতজ্ঞতা প্ৰকাশ কৰে ৷

লগতে পঢ়ক: টিংখাঙত বিশেষভাৱে সক্ষম লোকক প্ৰদান প্ৰমাণ পত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.