ডিফু, 8 নৱেম্বৰ : কাৰ্বি আংলং জিলা বন বিভাগে দেওবাৰে সন্ধিয়া বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় । কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত বন বিভাগে অভিযান চলাই জব্দ কৰে চোৰাং কাঠখিনি ৷ বন বিভাগে এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত চলাইছিল এই অভিযান ৷

বন বিভাগৰ নৰ্দাৰ্ণ ৰেঞ্জৰ বনকৰ্মীৰ দলে ৰজাপথাৰ-হাতীপুৰা সংযোগী পথত চলাইছিল এই অভিযান ৷ অভিযানকাৰী দলটোৱে এ এছ-০৯-এ চি-০৬৬৯ নম্বৰৰ এখন টাটা মোবাইল গাড়ীৰ পৰা মূল্যবান কাঠৰ বাটামখিনি জব্দ কৰে ৷ জব্দ হোৱা চোৰাং কাঠখিনিৰ বজাৰমূল্য প্ৰায় ৫০ হাজাৰ টকা হ’ব বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক : সোণৰ বিস্কুট বিক্ৰী কৰিবলৈ আহি বেপাৰী পৰিল আৰক্ষীৰ জালত