ডিফু, 25 নৱেম্বৰঃ পুনৰ পোহৰলৈ আহিছে কাৰ্বি আংলং জিলাত চলি থকা অবাধ বন ধ্বংস কাৰ্য ৷ সোমবাৰে বোকাজানৰ ডাৰোগা বাগানৰ একাংশ যুৱকে দুখন টাটা ডি.আই গাড়ী সন্দেহবশত ৰখাই সোধপোছ কৰোতেই গাড়ী দুখনত মূল্যবান চেগুন কাঠৰ কুণ্ডা থকাৰ কথা পোহৰলৈ আহে ৷ যুৱক সকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে,বিগত কিছু দিন ধৰি নিশাৰ আন্ধাৰৰ সুযোগ লৈ বাগানৰ পথেৰে শাক-পাচলি সৰু সৰু গাড়ীত লৈ যায় বুলিয়েই তেওঁলোক জ্ঞাত আছিল ৷ কিন্তু পৰৱৰ্তী সময়ত বাগানৰ মাজেৰে বাইক,সৰু-ডাঙৰ ট্ৰাকৰ সঘন অহা-যোৱা তেওঁলোকৰ দৃষ্টিগোচৰ হয় ৷ নিৰাপত্তাৰ স্বাৰ্থত ৰাতি পহৰা দিয়াৰ সময়তে সোমবাৰে পুৱা ড্ৰাইভাৰ সহ এএছ-০৯-চি-৮৮৯৩ আৰু এএছ-০৯-এচি-২২৭০ নম্বৰৰ টাটা ডি.আই.গাড়ী দুখন চেগুন কাঠৰ চোৰাং কুণ্ডাসহ জব্দ কৰি আৰক্ষী আৰু বন বিভাগক খবৰ দিয়ে ৷
উল্লেখ্য যে, ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ গাড়ী দুখন চমজি লয় যদিও বন বিভাগৰ লোক বহু পলমকৈহে উপস্থিত হয় ৷ আনহাতে যুৱকসকলে জনোৱা অনুসৰি জনৈক জালাল, কাৰ্তিক, চাইফুল আৰু বিশ্বাস নামৰ লোক কেইজনৰ নেতৃত্বত গাড়ী দুখন নাগালেণ্ডলৈ লৈ গৈ আছিল ৷ আৰক্ষীয়ে ড্ৰাইভাৰসহ গাড়ী দুখন বোকাজান আৰক্ষী থানালৈ লৈ অনাৰ লগতে অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে ৷
লগতে চাওকঃ অতি শীঘ্ৰে পাৰ্কিং নথকা বিবাহ ভৱন, শ্বপিং মলক নাকী লগাব শিলচৰ প্ৰশাসনে!!