ডিফু, 24 জুন : ড্ৰাগছ বিৰোধী অসম গঢ়াৰ সপোনৰ স্বাৰ্থত অসমৰ প্ৰতিজন আৰক্ষী বিষয়াই সষ্টম হৈ পৰিছে ৷ প্ৰায় প্ৰতিখন জিলাতে আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ খটখটীত আৰক্ষীৰ ড্ৰাগছ বিৰোধীৰ অভিযানত প্ৰায় ৬ কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ হৈছে ৷ দুটা সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ৷
কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ প্ৰত্যক্ষ তত্বাৱধনাত কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ বিৰামহীন অভিযান ৷ কাৰ্বি আংলং জিলাৰ মাজেৰে চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু নাগালেণ্ডৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী সকলে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে ৷ অৱশ্যে ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে আৰক্ষীয়েও তৎপৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান ৷
শনিবাৰে বিয়লি বোকাজান মহকুমা আৰক্ষী জন দাসৰ নেতৃত্বত খটখটী থানাৰ অ’চি ৰমেন বৰদলৈ আৰু চিআৰপিএফৰ সহযোগত আৰক্ষীয়ে খটখটী থানা এলেকাৰ জনক পুখুৰীৰ পাৰত খোজ কাঢ়ি গৈ থকা অৱস্থাত দুই মণিপুৰী লোকৰ পৰা বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ অভিযানকাৰী দলটোৱে সৰবৰাহকাৰী দুটাৰ লগত থকা এটা বেগত তালাচী চলাই ৮৭ টা চাবোনৰ বাকচত অবৈধভাবে কঢ়িয়াই অনা ১ কেজি ১৩২ গ্ৰাম সন্দেহযুক্ত হেৰ’ইনৰ লগতে নগদ সাতত্ৰিশ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
দুয়োকে মণিপুৰ ৰাজ্যৰ সেনাপতি জিলাৰ ক্ৰমে এল পাভেই দ'নি (৩১) আৰু এইছ থউ (৫২) বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে দুয়োকে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য আনুমানিক ৬ কোটি টকা হ’ব ৷
লগতে পঢ়ক : One youth detained with Drugs: লখিমপুৰত ড্ৰাগছসহ সৰবৰাহকাৰী যুৱক আটক